হেলিকপ্টাৰ দুৰ্ঘটনাঃ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ আৰোগ্য কামনা দেশবাসীৰ

বিষয়াগৰাকীয়ে শেহতীয়াভাবে উইং কমাণ্ডাৰ পদৰ পৰা গ্ৰুপ কেপ্টেইনলৈ পদোন্নতি লাভ কৰে।
হেলিকপ্টাৰ দুৰ্ঘটনাঃ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ আৰোগ্য কামনা দেশবাসীৰ

তামিলনাডুত কালি দুৰ্ঘটনাত পতিত হোৱা জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰখনত মুঠ ১৪ জন ব্যক্তি আছিল। শোকাৱহ দুৰ্ঘটনাটোত স-পত্নীক ৰাৱট আৰু আন ১২ জন ব্যক্তিৰ মৃত্যু হয়। এই শোকাৱহ দুৰ্ঘটনাটোত দৈবক্ৰমে প্ৰাণৰক্ষা পৰে মাথোঁ এজন ব্যক্তিৰ ৷ তেওঁ হ'ল গ্ৰুপ কেপ্টেইন বৰুণ সিং ৷ প্ৰাপ্ত চৰকাৰী তথ্য অনুসৰি সম্প্ৰতি তেওঁ সামৰিক হাস্পতালত চিকিত্সাধীন হৈ আছে। তেওঁৰ দেহৰ বহু অংশ দগ্ধ হৈছে।

শীৰ্ষ বায়ু সেনা বিষয়াগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে দেশবাসীয়ে। তেওঁক চিকিত্সা আগবঢ়োৱা চিকিত্সকসলৰ মতে, পৰৱৰ্তী ৪৮ ঘণ্টা সিঙৰ বাবে জটিলতাপূৰ্ণ হব।

সূৰ্য চক্ৰ পদকেৰে সেৱাৰ স্বীকৃতি অৰ্জন কৰা বিষয়াগৰাকীয়ে শেহতীয়াভাবে উইং কমাণ্ডাৰ পদৰ পৰা গ্ৰুপ কেপ্টেইনলৈ পদোন্নতি লাভ কৰে। আনহাতে,  প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আদিয়ে বায়ু সেনা বিষয়াগৰাকীৰ আৰোগ্য কামনা কৰিছে। এটা টুইটত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে কয়, " গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ দ্ৰূত আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছো।".

যোৱা অক্টোবৰতো এক বিমান দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰিছিল বায়ু সেনা বিষয়া বৰুণ সিঙৰ। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com