ৰাষ্ট্ৰীয় বন ছহিদ দিৱসত অসমৰ তিনিজনলৈ সন্মান কেন্দ্ৰৰ

অসমৰ এই ছহিদ বনকৰ্মী তিনিজন হৈছে নিজামুদ্দিন আহমেদ(ফিক্সড পে কৰ্মী), প্ৰিয়ম মেচ(কেজুৱেল গাড়ীচালক) আৰু বিকোদৰ বৰা (গেম ৱাটচাৰ)৷
ৰাষ্ট্ৰীয় বন ছহিদ দিৱসত অসমৰ তিনিজনলৈ সন্মান কেন্দ্ৰৰ
Published on

বন আৰু বনজপ্ৰাণী ৰক্ষাৰ হকে জীৱন আহুতি দিয়া বনকৰ্মীসকলক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ছেপ্টেম্বৰৰ দিনটোত ৰাষ্ট্ৰীয় বন ছহিদ দিৱস পালন কৰা হয়। এইবাৰৰ তথা ১৫সংখ্যক ৰাষ্ট্ৰীয় বন ছহিদ দিৱসত অসমৰ তিনিজন বনকৰ্মীলৈ কেন্দ্ৰীয় চৰকাৰে শ্ৰদ্ধাঞ্জলী তথা সন্মায় জনায়। কেন্দ্ৰীয় বন মন্ত্ৰালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় বন ছহিদ দিৱস পালন কৰা হয় ৷ কালি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰে অসমৰ এই তিনি বনকৰ্মীসহ দেশৰ মুঠ ২২গৰাকী ছহিদ বনকৰ্মীলৈ শ্ৰদ্ধাঞ্জলী জনায় তথা তেওঁলোকৰ অৱদানক সোঁৱৰণ কৰে ৷

আটাইকেইগৰাকী বনকৰ্মীয়ে কৰ্তব্য পালন কৰি থকাৰ সময়ত ২০১৯-২০ত ছহিদবৰণ কৰে ৷ অসমৰ এই ছহিদ বনকৰ্মী তিনিজন হৈছে নিজামুদ্দিন আহমেদ(ফিক্সড পে কৰ্মী), প্ৰিয়ম মেচ(কেজুৱেল গাড়ীচালক) আৰু বিকোদৰ বৰা (গেম ৱাটচাৰ)৷ বনমন্ত্ৰী জাৱড়েকাৰে চন্দন গছৰ চোৰাংবেপাৰীৰ আক্ৰমণত এজন বনৰক্ষীয়ে প্ৰাণ হেৰুওৱাক লৈ উদ্বেগো প্ৰকাশ কৰে ৷ তেওঁ কয় যে চন্দন গছ ৰক্ষা আৰু ইয়াৰ ৰোপণ বৃদ্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰই বন আইনৰ সংশোধন ঘটাব৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com