২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ তলাবন্ধৰ সম্ভাৱনা নাকচ কৰিলে কেন্দ্ৰই

ভুৱা বুলি অভিহিত এই বাৰ্তা ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম কৰ্তৃপক্ষ (এন ডি এম এ)-ৰ নামত প্ৰচাৰ হৈছে ৷
২৫ ছেপ্টেম্বৰৰ পৰা পুনৰ তলাবন্ধৰ সম্ভাৱনা নাকচ কৰিলে কেন্দ্ৰই
Published on

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ভয়াবহ ৰূপত বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে পুনৰ অহা ২৫ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশত তলাবন্ধ আৰোপ কৰিব বুলি সামাজিক মাধ্যমত এটা বাৰ্তা বিয়পি পৰিছে ৷ ইয়াক লৈ বহুজনৰ মনত উৎকণ্ঠাৰ সৃষ্টি হৈছে। কিন্তু এই বাৰ্তাৰ সম্ভাৱনা নুই কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ এই ভুৱা বুলি আখ্যা দিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ সংস্থা পি আই বিয়ে ৷ টুইটাৰযোগে পি আই বিয়ে বাৰ্তাটোৰ সত্যতা নুই কৰিছে ৷

আনহাতে, ভুৱা বুলি অভিহিত এই বাৰ্তা ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম (এন ডি এম এ)- কৰ্তৃপক্ষৰ নামত প্ৰচাৰ হৈছে ৷ বাৰ্তাটোত তাৰিখ ১০ছেপ্টেম্বৰ বুলি উল্লেখ আছে। উল্লেখ্য যে সম্প্ৰতি ভাৰতত বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক সংখ্যক লোক ক'ৰ'নাত আক্ৰান্ত হৈছে। এইক্ষেত্ৰত প্ৰথম স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ ৷ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com