ল'কডাউনত খোলা থাকিব বেংকৰ কেৱল ১০শতাংশ শাখাহে

কাইলৈৰ মাজনিশাৰ পৰা বলবৎ হ’ব লগা এই তলাবন্ধ অহা ১২জুলাইলৈকে বাহাল থাকিব।
ল'কডাউনত খোলা থাকিব বেংকৰ কেৱল ১০শতাংশ শাখাহে

কাইলৈ অৰ্থাৎ দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটীত পুনৰ আৰম্ভ হ'ব সম্পূৰ্ণ তলাবন্ধ বা ল'ক-ডাউন ।ক'ৰ'না ভাইৰাছ সৃষ্ট মহামাৰীত আক্ৰান্তৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে মহানগৰীত পুনৰ সম্পূৰ্ণ তলাবন্ধ আৰোপৰ ব্যৱস্থা কৰিছে ৷ কাইলৈৰ মাজনিশাৰ পৰা বলবৎ হ'ব লগা এই তলাবন্ধ অহা ১২জুলাইলৈকে বাহাল থাকিব ৷ লক্ষ্যণীয় যে এই ১৪দিনত তলাবন্ধ কবলিত অঞ্চলসমূহত বিভিন্ন বেংকৰ কেৱল ১০% শাখাহে খোলা থাকিব ৷ এই কথা সদৰী কৰি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয়, " তলাবন্ধৰ সময়ছোৱাত কেৱল বেংকৰ ১০শতাংশ শাখাহে খোলা থাকিব ৷ বেংক কৰ্তৃপক্ষই কোনটো শাখা বেংক খোলা ৰাখিব, তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৷ কৰ্মস্থলীত উপস্থিত থাকিবলগীয়া কৰ্মচাৰীক বেংকৰ বিষয়াই বিশেষ পাছ প্ৰদান কৰিব ৷ কেৱল পাছ থকা কৰ্মচাৰীকহে অহা-যোৱা কৰিবলৈ দিয়া হ'ব ৷"

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com