প্ৰতিবাদৰ মাজতে লোকসভাত উত্থাপন কৰা হ'ল তিনি তালাক বিৰোধী বিধেয়ক

প্ৰতিবাদৰ মাজতে লোকসভাত উত্থাপন কৰা হ'ল তিনি তালাক বিৰোধী বিধেয়ক

শুকুৰবাৰে লোকসভাত চৰকাৰে তিনি তালাক বিৰোধী বিধেয়ক খন পুনৰ উত্থাপন কৰা হয়। এই বিধেয়ক খন উত্থাপন কৰাত বিৰোধীয়ে সমালোচনা কৰে যে ই মুছলিম পৰিয়ালক ক্ষতিগ্ৰস্থ কৰাৰ লগতে বৈষমমুলক ভাব ধাৰাৰ সৃষ্টি কৰিব ।

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে "মুছলিম মহিলা বিধেয়ক-২০১৯ ( protection of rights on marriage) খন নিম্ন সদনত উত্থাপন কৰাৰ পিছতে বিৰোধী দলে দাবী উত্থাপন কৰে যে , এই সন্দৰ্ভত ৰাজনৈতিক দলৰ লগতে সকলোৰে পৰামৰ্শ গ্ৰহণ কৰা উচিত ।

লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ে ধ্বনিভোটৰ বাবে কয় আৰু নিয়ম মতে , বিধেয়ক খন সদনত উত্থাপন কৰিব পাৰে। কিন্তু বিৰোধীয়ে নিৰন্তৰ ভাৱে আপত্তি দৰ্শোৱা পৰিলক্ষিত হয় ।

তিনি তালাক বিৰোধী বিধেয়কৰ খনত ১৮৬ জন সাংসদে সমৰ্থন আগবঢ়াই আৰু ৭৪ জনে ইয়াৰ বিৰুদ্ধে ভোট দিয়ে ।বিল খন উত্থাপন কৰি ৰবিশংকৰ প্ৰসাদে কয় যে, জনসাধাৰণৰে তেওঁলোকক ভোট দিছে আইন বনাবলৈ আৰু এইটো তেওঁ লোকৰ দায়িত্ব । লগতে কয় সাংসদ সকলে অধ্যক্ষ বিচাৰক হবলৈ চেষ্টা কৰিব নালাগে ।

মোদী চৰকাৰক পুনৰ ক্ষমতালৈ আনিছে জনসাধাৰণে। এনে কিছুমান বিধেয়ক আৰু মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈকে মোদী চৰকাৰক জনসাধাৰণে পুনৰ সমৰ্থন কৰিছে ।

" এই আইন খনে তিনি তালাকৰ ভূক্তভুগিক ন্যায় দিব । তথ্য মতে ২০১৭ লৈকে তিনি তালাক সম্বন্ধীয় ৫৪৩ টা গোচৰ ৰুজু কৰা হৈছে । উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ২২৯ টা গোচৰ ৰুজু কৰা হৈছে । আৰু অধ্যাদেশ জাৰি কৰাৰ পাছত ৩১ হয় বুলি তেওঁ প্ৰকাশ কৰে।যোৱাটো কাৰ্যকালত ৰাজ্যসভাত মুখ ঠেকেছা খোৱা তিনি তালাক বিধেয়কক লৈ প্ৰথম দিনাই উত্তপ্ত সদন। সোকলভাত প্ৰথমখন বিধেয়ক উত্থাপনৰ বাব হ'ল ধ্বনিভোট। কংগ্ৰেছ, AIMIM, সমাজবাদী পাৰ্টীয়ে বিধয়ক উত্থাপনৰ বিৰোধীতাৰে উত্তাল কৰিলে সদন।

ধ্বনি ভোটত বিধেয়কৰ সপক্ষে ১৮৬টা ভোটৰ বিপৰীতে বিপক্ষে পৰিল ৭৪টা ভোট। ভোটদান নকৰিলে তৃণমূল, YSR কংগ্ৰেছ পাৰ্টীয়ে। এনডিএ সহযোগী জনতা দল ইউনাইটেডেও সমথৰ্ন নজনালে তিনি তালাক বিধেয়ক। সমৰ্থন নজনালে বিজু জনতা দলেও।নতুন ৰূপেৰে তিনি তালাক বিধেয়ক লোক সভাৰ মাজিয়াত দাখিল কৰিলে আইন মন্ত্ৰী ৰবি শংকৰ প্রসাদে। ধ্বনিভোটেৰে বিধেয়ক উত্থাপন কৰি আইন মন্ত্ৰীয়ে ক'লে তিনি তালাক বিধেয়কে আতৰাব লিংগ বৈষম্য।ৰবি শংকৰ প্ৰসাদক উভটি ধৰিলে AIMIMৰ মুৰব্বী আছাদউদ্দিন ওৱাছিয়ে লিংগ বৈষম্য আতৰাব বিচৰা বিজেপিয়ে প্ৰথমে প্ৰসস্ত কৰক সবৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ পথ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com