ত্ৰিপুৰা: নিৰ্বাচনোত্তৰ হিংসাৰ পিছত আগৰতলাত জাৰি কৰা হৈছে ধাৰা ১৪৪

আগৰতলা পৌৰ নিগম অঞ্চলত আগৰতলা সদৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে যাতে আইন-শৃংখলাৰ পৰিস্থিতি আৰু অধিক অৱনতি নহয়।
ত্ৰিপুৰা: নিৰ্বাচনোত্তৰ হিংসাৰ পিছত আগৰতলাত জাৰি কৰা হৈছে ধাৰা ১৪৪
Published on

আগৰতলাঃ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত ২৬ জুনত ত্ৰিপুৰাৰ কেইবাটাও ঠাইত সংঘটিত হৈছিল নিৰ্বাচনোত্তৰ হিংসাত্মক ঘটনা।

ইয়াৰ ফলত ৰাজধানী চহৰ আগৰতলাত জাৰি কৰা হৈছে ১৪৪ চি.আৰ.পি.চি. ধাৰা।

এছ.ডি.এম. সদৰ অসীম সাহাই ধাৰা ১৪৪ চি.আৰ.পি.চি.-ৰ অধীনত নিষিদ্ধ আদেশ জাৰি কৰিছে আৰু এই আদেশৰ অধীনত, চহৰখনৰ এলেকাবোৰৰ ভিতৰত লোকসকলক একত্ৰিত হ'বলৈ কঠোৰভাৱে নিষিদ্ধ কৰা হ'ব।

ফলাফল ঘোষণাৰ পিছতে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ শৃংখলাটো যাতে আৰু অধিক বৃদ্ধি নোহোৱা আৰু আইন-শৃংখলা নিয়ন্ত্ৰণত ৰখাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

আগৰতলাত সংঘটিত হোৱা এক হিংসাত্মক সংঘৰ্ষত বিজেপি আৰু কংগ্ৰেছ কৰ্মীসকল জড়িত হোৱাৰ পিছত এই নিৰ্দেশ জাৰি কৰা হৈছিল আৰু এই উত্তপ্ত বাৰ্তালাপত ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী বিৰজিৎ সিনহাকে ধৰি প্ৰায় ২০ জন লোক আঘাতপ্ৰাপ্ত হৈছিল।

আগৰতলা পৌৰ নিগম অঞ্চলত আগৰতলা সদৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে যাতে আইন-শৃংখলাৰ পৰিস্থিতি আৰু অধিক অৱনতি নহয়।

নিৰ্দেশ অনুসৰি, এক বিশেষ নিষেধাজ্ঞা ৰখা হৈছে, যেনে মটৰচাইকেলত কোনো পিলিয়ন ৰাইডাৰ নহব, ইটাবাট সংগ্ৰহ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে, দুখনতকৈ অধিক মটৰচাইকেল ইজনে সিজনৰ সৈতে যাবলৈ অনুমতি দিয়া হোৱা নাই ইত্যাদি।

অৱশ্যে, ২৬ জুনৰ মাজনিশালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হৈ আছিল।

ইফালে, চাৰিটা বিধানসভা সমষ্টিত ত্ৰিপুৰাউপ-নিৰ্বাচনৰ বাবে ভোটদান ২৩ জুনত অনুষ্ঠিত হৈছিল আৰু ১,৮৯,০৩২ জন লোকৰ ভিতৰত ৭৮.৫৮ শতাংশই হিংসাত্মক ঘটনাৰ মাজতে ভোটদান কৰিছিল।

বিজেপিয়ে ৪ টা সমষ্টিৰ ভিতৰত ৩ টাত জয়লাভ কৰিছিল আৰু কংগ্ৰেছে এটা লাভ কৰিছিল। মুখ্যমন্ত্ৰী আৰু বিজেপি প্ৰাৰ্থী মানিক সাহাই টাউন বৰদোৱালীত জয়ী হৈছিল।

আগৰতলা সমষ্টিত কংগ্ৰেছৰ সুদীপ ৰয় বৰ্মনে জয়লাভ কৰে। বিজেপিৰ স্বপ্না দাসে সুৰমাত জয়ী হৈছিল আৰু বিজেপিৰ মলিনা দেবনাথ জুবাৰাজনগৰ সমষ্টিৰ পৰা জয়ী হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com