বিৰাট কোহলিৰ ১০মহীয়া কন্যাক ধৰ্ষণৰ ভাবুকি ট্ৰলৰ

শ্বামিৰ সপেক্ষে থিয় হোৱাৰ বাবেই টুইটাৰত বহু লোকে আক্ৰমণ চলাইছে কোহলিৰ ওপৰত।
বিৰাট কোহলিৰ ১০মহীয়া কন্যাক ধৰ্ষণৰ ভাবুকি ট্ৰলৰ

ছ'চিয়েল মিডিয়া যোগে বহু ট্ৰলাৰে ধৰ্ষণৰ ভাবুকি প্ৰেৰণ কৰিছে অনুষ্কা শৰ্মা আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিৰ ১০মহীয়া কন্যা  ভামিকালৈ।

চলিত  টি -২০ বিশ্ব কাপ ক্ৰিকেটত ভাৰতীয় দলে পাকিস্তানৰ হাতত ১০টা উইকেটত পৰাস্ত হোৱাৰ পাছতেই বহু ট্রলাৰে বিভিন্ন অমানবীয় মন্তব্য কৰে ভাৰতীয় খেলুৱৈ মহম্মদ শ্বামিৰ বিৰুদ্ধে। যাৰ বিৰোধিতা কৰে ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে।

শ্বামিৰ সপেক্ষে থিয় হোৱাৰ বাবেই টুইটাৰত বহু লোকে আক্ৰমণ চলাইছে কোহলিৰ ওপৰত। এনে এক ঘটনা ক্ৰমে এগৰাকী ভোক্তাই ইণ্টাৰনেট যোগে ধৰ্ষণৰ ভাবুকি প্ৰদান কৰিছে কোহলিৰ ১০মহীয়া সন্তানটিলৈ, আৰু ইয়াৰ লগতে এখনি ফটোওঁ শ্বেয়াৰ কৰিছে কণমানি ভামিকাৰ।

বিৰাট আৰু অনুস্কাই বৰ্তমান সময়লৈকে নিজৰ কইনাৰ চেহেৰা প্ৰচাৰ কৰা নাই ইণ্টাৰনেট জগতত, যাৰ বাবে বহু সময়ত বিভিন্ন ট্রলৰ সন্মুখীন হ'ব লগা হৈছে দম্পতীটো। শেহতীয়া ভাৱে অন্য এগৰাকী ক্ৰিকেট তাৰকা ৰহিত শৰ্মাৰ পৰিয়ালৰ সৈতে বিৰাট আৰু অনুষ্কাই উদযাপন কৰে হেলোৱিন। য'ত বগা পাখি লগা এটি ফ্ৰকেৰে দেখা গৈছিল কণমানিজনীক।

উল্লেখ্য যে পাকিস্তানত বিৰুদ্ধে পৰাজয় হোৱাৰ পাছত অনুষ্ঠিত হোৱা সংবাদ মেলত মহম্মদ শ্বামিৰ সপক্ষে মাত মাতে অধিনায়ক কোহলিয়ে।

পাকিস্তানৰ বিৰুদ্ধে ৪ অভাৰত ৪৩ ৰাণ দিছিল শ্বামিয়ে। যাৰ পাছতেই খেলুৱৈ গৰাকীৰ ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰিছিল বহু জনে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com