গুৱাহাটীৰ চাংপো এপাৰ্টমেণ্টক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে উক্ত এপাৰ্টমেণ্টৰ কণ্টেইনমেণ্ট মণ্ডল বাহাল থাকিব।
গুৱাহাটীৰ চাংপো এপাৰ্টমেণ্টক কণ্টেইনমেণ্ট জ'ন ঘোষণা

ক'ৰ'না আক্ৰান্ত চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ চান্দমাৰীস্থিত ছাংপো এপাৰ্টমেণ্টক কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন বা মণ্ডলৰূপে ঘোষণা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই কণ্টেইনমেণ্ট মণ্ডলৰ স্থান ছীল কৰিবলৈ গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিছে। উপায়ুক্তৰ এই সংক্ৰান্তীয় নিৰ্দেশনাত কোৱা হয়, " ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ প্ৰতিৰোধ কৰা জনস্বাস্থ্যৰ খাতিৰত এই স্থান ছীল কৰা হৈছে"। পৰৱৰ্তী নিৰ্দেশ জাৰি নোহোৱালৈকে উক্ত এপাৰ্টমেণ্টৰ কণ্টেইনমেণ্ট মণ্ডল বাহাল থাকিব। তেতিয়ালৈকে কোনো অ-কৰ্তৃত্বশীল ব্যক্তিয়ে উক্ত স্থানত প্ৰৱেশ বা তাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com