অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত সহায়ৰ আশ্বাস ৰাষ্ট্ৰসংঘৰ

ইয়াৰে গোৱালপাৰা জিলা অধিক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ ৪.৫৯ লাখ লোক বানৰ দ্বাৰা আক্ৰান্ত হৈছে।
অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত সহায়ৰ আশ্বাস ৰাষ্ট্ৰসংঘৰ

সংহাৰী বানৰ কবলত পৰা ৰাজ্যৰ এই দুৰ্যোগ নিৰাময়ত সহায়ৰ হাত আগবঢ়াব ৰাষ্ট্ৰসংঘই। ভাৰত চৰকাৰক এই আশ্বাস দিছে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনী গুট্টেৰেছে।ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানগৰাকীৰ মুখপাত্ৰই এই কথা সদৰী কৰি কয় যে প্ৰবল বানৰ ফলত অসমত প্ৰায় ৪ নিযুত তথা ৪০ লাখ স্থানচ্যুত হৈছে। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালো বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। দুয়োখন দেশত বানত মৃত্যৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পাইছে। প্ৰয়োজনত ৰাষ্ট্ৰসংঘই ভাৰত চৰকাৰক সহায় আগবঢ়াব বুলি গুট্টেৰেছৰ মুখপাত্ৰগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে অসমৰ সংহাৰী বানৰ বিষয়ে শেহতীয়াভাবে বি বি চিয়েও বাতৰি পৰিৱেশন কৰে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষৰ তথ্য অনুসৰি সাম্প্ৰতিক বানত ৰাজ্যত ৮৫জন লোকে প্ৰাণ হেৰুৱাইছে। তদুপৰি ভূ-স্খলনত ২৬জন লোকৰ প্ৰাণহানি ঘটিছে। দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ তথ্য অনুসৰি ৰাজ্যত ২৪.৪লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত লোকসকল হৈছে ধেমাজি, লখিমপুৰ, বিশ্বনাথ, দৰং, বাগসা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু কাচাৰ জিলাৰ। ইয়াৰে গোৱালপাৰা জিলা অধিক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনৰ ৪.৫৯ লাখ লোক বানৰ দ্বাৰা আক্ৰান্ত হৈছে।

আনহাতে, বানৰ সময়তে কৰনা মহামাৰীয়েও ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈকে এই মহামাৰীত ২০হেজাৰৰো অধিক লোক আক্ৰান্ত হৈছে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com