বাঘজানৰ অগ্নিকাণ্ডস্থলীৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধান-সোণোৱালে

আন্তৰ্জাতিক বিশেষজ্ঞ তথা অইল আৰু অ’ এন জি চিৰ বিশেষজ্ঞসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰি আছে ৷
বাঘজানৰ অগ্নিকাণ্ডস্থলীৰ পৰিস্থিতিৰ বুজ ল'লে প্ৰধান-সোণোৱালে

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈলক্ষেত্ৰৰ বিধ্বংসী অগ্নিকাণ্ডস্থলীৰ অৱস্থা আজি দেওবাৰে স্ব-চক্ষে বুজ লয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তৈল ক্ষেত্ৰখনৰ ৫নম্বৰ খাদত সূত্ৰপাত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডৰ বিস্তৰ ক্ষতিসাধন হয় ৷ অগ্নিকাণ্ডস্থলীৰ দাঁতি-কাষৰীয়া অঞ্চলৰ সহস্ৰাধিক লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰিবলগীয়া হয় ৷ আজি মুখ্যমন্ত্ৰী সোণোৱাল আৰু পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানে অগ্নিকাণ্ডস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ পৰিস্থিতি ভয়লগা আখ্যা দি মুখ্যমন্ত্ৰীয়ে কয় যে আন্তৰ্জাতিক বিশেষজ্ঞ তথা অইল আৰু অ' এন জি চিৰ বিশেষজ্ঞসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰি আছে ৷ তেওঁ লগতে কয় যে এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত ভৰ্তি হোৱাসকলৰ বুজ ল'ব পেট্ৰ'লিয়াম মন্ত্ৰীৰ সৈতে ৷ উল্লেখ্য যে অইলৰ বিশেষজ্ঞসকলৰ মতে, এই ভয়াবহ অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ কমেও ২০দিন সময়ৰ প্ৰয়োজন হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com