গুৱাহাটী-পুনেৰ মাজত দৈনিক বিমানসেৱা উদ্ধোধন মন্ত্ৰী সিন্ধিয়াৰ

গুৱাহাটীৰ পৰা এই বিমানে নিশা ১০-৪০ বজাত যাত্ৰা কৰি নিশা ২-৪৫ বজাত পুনেত উপস্থিত হ'ব।
গুৱাহাটী-পুনেৰ মাজত দৈনিক বিমানসেৱা উদ্ধোধন মন্ত্ৰী সিন্ধিয়াৰ

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই গুৱাহাটী আৰু পুনেৰ মাজত দৈনিক ইণ্ডিগো বিমানসেৱা উদ্ধোধন কৰিছে। নিশা ২-৫০ বজাত পুনেৰ পৰা এই বিমানে যাত্ৰা কৰিব আৰু পুৱা ৬-০৫ বজাত গুৱাহাটীত উপস্থিত হ'ব।

আনহাতে, গুৱাহাটীৰ পৰা নিশা ১০-৪০ বজাত যাত্ৰা কৰি নিশা ২-৪৫ বজাত পুনেত উপস্থিত হ'ব। প্ৰাপ্ত তথ্য অনুসৰি কালি মন্ত্ৰী সিন্ধিয়াই এই বিমানসেৱা মুকলি কৰে।

ইণ্ডোগো বিমান সংস্থাই প্ৰকাশ কৰা অনুসৰি প্ৰতিষ্ঠানটোৱে বৰ্তমানে অসমৰ গুৱাহাটী, শিলচৰ, ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা সপ্তাহত ৫ শতাধিক বিমানৰ চলাচল অব্যাহত ৰাখিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com