আন-ল'ক ৩.০ ৰ নীতি-নিৰ্দেশনা জাৰিঃ প্ৰযোজ্য হ'ব ১৬ আগষ্টৰ পৰা

প্ৰতি সপ্তাহৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা ভ্ৰমণৰ সুবিধা। অৱশ্যে এখন বাছে ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব
আন-ল'ক ৩.০ ৰ নীতি-নিৰ্দেশনা জাৰিঃ প্ৰযোজ্য হ'ব ১৬ আগষ্টৰ পৰা

আন-লক বা তলা মুকলিৰ এলানি নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনা অহা ১৬ আগষ্টৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ আগষ্টৰ নিশা ৯ প্ৰযোজ্য হব। মুখ্য সচিবে জাৰি কৰা এই নতুন নীতি-নিৰ্দেশনা নিম্নোক্তধৰণেৰে বলবত হ'বঃ

ক) প্ৰতি সপ্তাহৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা ভ্ৰমণৰ সুবিধা। অৱশ্যে এখন বাছে ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব। তদুপৰি সামাজিক দূৰত্বৰ নীতি-নিয়ম মানি চলিব লাগিব।

খ) মহানগৰীত পুনৰ চিটীবাছে চলাচল কৰিব পাৰিব। কিন্তু ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব।

গ) সকলো ধৰণৰ ৰাজহুৱা যান-বাহন চলাচলত অনুমতি। কিন্তু ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব। সামাজিক দূৰত্বৰ নীতি মানি চলিব লাগিব।

ঘ) নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ সাধাৰণ মানুহৰ চলন-ফুৰণ বন্ধ থাকিব।

ঙ) কণ্টেইনমেণ্ট মণ্ডলত উপৰোক্ত কাম-কাজ কৰিবলৈ দিয়া নহব।

চ) চিত্ৰগৃহ, বিনোদনস্থলী, থিয়েটাৰ, প্ৰেক্ষাগৃহ আদি বন্ধ থাকিব।

ছ) শনি আৰু দেওবাৰে সাধাৰণ লোকৰ চলন-ফুৰণ বন্ধ থাকিব।

জ) ৰাজনৈতিক-সামাজিক সভা-সমিতি আদি বন্ধ থাকিব।     

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com