উত্তৰ প্ৰদেশত অনলাইন দেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ অসমৰো যুৱতী উদ্ধাৰ

ঘটনা সন্দৰ্ভত নৌবাস্তা থানাত অনৈতিক কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু হৈছে ৷
উত্তৰ প্ৰদেশত অনলাইন দেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ অসমৰো যুৱতী উদ্ধাৰ

উত্তৰ প্ৰদেশ আৰক্ষীয়ে এটা আন্তঃৰাজ্যিক দেহ ব্যৱসায়ী চক্ৰ উৎখাত কৰি চক্ৰটোৰ কবলৰ পৰা অসমৰ এগৰাকীসহ মুঠ ৯ গৰাকী যুৱতী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনৰ কাণপুৰৰ নৌবাস্তা অঞ্চলৰ এটা গৃহত অভিযান চলায়। ঘৰটোৰ পৰা মুঠ ৯ গৰাকী যুৱতী অভিযানকাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ইয়াৰে এগৰাকী যুৱতী অসমৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷ আনকেইগৰাকীৰ এগৰাকী দিল্লী আৰু এগৰাকী ফৈজাবাদৰ ৷

তদুপৰি অভিযানৰ সময়ত আৰক্ষীয়ে দালাল আৰু গ্ৰাহকসহ কমেও ১১জন লোকক গ্ৰেপ্তাৰ কৰে ৷ ধৃতকেইজনৰ এজন নৌবাস্তাৰ আশিষ কুমাৰ ৷ আনকেইজনৰ মাজত কল্পনা গুপ্তা নামৰ এগৰাকী মহিলা দালালো আছে। ঘটনা সন্দৰ্ভত নৌবাস্তা থানাত অনৈতিক কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু হৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com