বন্দে ভাৰত মিছনঃ অৱশেষত গুৱাহাটীত উপস্থিত ইউক্ৰেইনত আবদ্ধ ৬৯ ভাৰতীয়

বন্দে ভাৰত মিছনঃ অৱশেষত গুৱাহাটীত উপস্থিত ইউক্ৰেইনত আবদ্ধ ৬৯ ভাৰতীয়
Published on

অৱশেষত ইউক্ৰেইনৰ পৰা আহি গুৱাহাটীত উপস্থিত হ'ল ৬৯ ভাৰতীয় নাগৰিক। তলাবন্ধৰ ফলত এইসকল ভাৰতীয় নাগৰিক ইউক্ৰেইনত আবদ্ধ হৈ আছিল। বৃহস্পতিবাৰে পুৱতি নিশা ২-৩০বজাত বিশেষ বিমানেৰে এই লোকসকল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠত উপস্থিত হয়। তাৰ পাছতে তেওঁলোকৰ স্বাব সংগ্ৰহ কৰা হয়। উল্লেখ্য যে বন্দে ভাৰত মিছনৰ অংশস্বৰূপে তলাবন্ধৰ মাজতে বিদেশত আবদ্ধ ভাৰতীয় লোকক উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ বিমানৰ চলাচল কৰোৱাইছে। বৃহস্পতিবাৰে পুৱতি নিশা এনে এখন বিমান গুৱাহাটীৰ বৰঝাৰ বিমানকোঠত উপস্থিত হয়। এই বিমানে তলাবন্ধৰ ফলত ইউক্ৰেইনত আবদ্ধ এই ৬৯গৰাকী ব্যক্তিক গৃহভূমিলৈ আনে। নিশা এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠত উপস্থিত হোৱাৰ পাছতে যাত্ৰীসকলৰ থু-খেকাৰৰ নমুনা সংগ্ৰহৰ ব্যৱস্থা কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। উল্লেখ্য যে যোৱা ২৬ মে'ত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সদৰী কৰিছিল যে চাৰিখন বিশেষ বিমানে তলাবন্ধৰ ফলত ইউক্ৰেইন, ৰাছিয়াৰ মস্কো, ফিলিপাইনছ আৰু কুৱেইটত আৱদ্ধ ভাৰতীয় লোকক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিব। মুখ্য সচিবৰ এই ঘোষণাৰ পাছতে যোৱা ২৯ মে'ত কুৱেইটৰ পৰা এনে এখন বিশেষ বিমান গুৱাহাটীত উপস্থিত হয়। এই বিমানত কুৱেইটত আবদ্ধ ১৫৫জন ভাৰতীয় লোক। তাৰ পাছতে ৰাছিয়াৰ পৰা ৩৭জন ব্যক্তিক উদ্ধাৰ কৰি আনে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com