লক্ষ্য ২০২১ঃ এইবাৰ শৃংখল চলিহাৰ নেতৃত্বত নতুন দল

লক্ষ্য ২০২১ঃ এইবাৰ শৃংখল চলিহাৰ নেতৃত্বত নতুন দল

সংগঠনটোৱে সম্প্ৰতি একাংশ বুদ্ধিজীৱিৰে গঠিত পৰামৰ্শদাতা সমিতিৰ সৈতে আলোচনা কৰি আছে বুলি চলিহাই জানিবলৈ দিছে।
Published on

ৰাজ্যত অচিৰে এটা নতুন ৰাজনৈতিকে দলে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। কা-বিৰোধী আন্দোলনৰ অন্যতম নেতা তথা বীৰ লাচিত সেনাৰ মুৰব্বী শৃংখল চলিহাৰ নেতৃত্বই এই দল গঠন হ'ব। ফলস্বৰূপে আগন্তুক ২০২১-ৰ বিধানসভা নিৰ্বাচনত বহুকেইটা আঞ্চলিক ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। । বীৰ লাচিত সেনাৰ নেতা চলিহাই প্ৰকাশ কৰা অনুসৰি অহা ১০ ছেপ্টেম্বৰত তেওঁলোকে নতুন গঠনৰ বিষয়ে আনুষ্ঠানিকভাবে ঘোষণা কৰিব। ইয়াকে লৈ সংগঠনটোৱে সম্প্ৰতি একাংশ বুদ্ধিজীৱিৰে গঠিত পৰামৰ্শদাতা সমিতিৰ সৈতে আলোচনা কৰি আছে বুলি চলিহাই জানিবলৈ দিছে।

এই সম্পৰ্কত চলিহাই চলিহাই সাংবাদিকৰ আগত কয় , " সকলো সংগঠন তথা দলে নিজৰ নিজৰ পৰিচয় বিচাৰে । সেয়েহে পৃথকে ৰাজনৈতিক দল খোলা হৈছে । কিন্তু আমাৰ মাজত আলোচনা হৈছে । আছু , কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অসমত যিমানকেইটা আঞ্চলিক ৰাজনৈতিক দল হ'ব আমি সকলোৱে একেলগে মিলি কাম কৰিম।" অৱশ্যে এই নতুন দলে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মৰ্চালৈ সমৰ্থন নিদিয়ে বুলি যুৱ নেতাজনে কয়।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com