বদন্যতাঃ অসম-বিহাৰৰ বানাক্ৰান্তলৈ কোহলী-অনুষ্কাৰ সাহায্য

ইয়াৰ সমান্তৰালভাবে দুয়ো ৰাজ্য দুখনৰ বানাক্ৰান্ত জনতালৈ আৰ্থিক সাহায্য আগবঢ়াইছে।
বদন্যতাঃ অসম-বিহাৰৰ বানাক্ৰান্তলৈ কোহলী-অনুষ্কাৰ সাহায্য

সংহাৰী বানত দিশহাৰা জনতাৰ কাষত এইবাৰ থিয় দিলে আৰু এহাল চেলিব্ৰেটী দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলী আৰু তেওঁৰ অভিনেত্ৰী পত্নী অনুষ্কাই অসম আৰু বিহাৰৰ বানাক্ৰান্ত জনতালৈ সাহায্য আগবঢ়াইছে। কোহলীয়ে টুইটাৰত এই কথা প্ৰকাশ কৰি কয় যে তেওঁ আৰু তেওঁৰ পত্নীয়ে অসম আৰু বিহাৰৰ বানাক্ৰান্তসকলৰ দুখ-দুৰ্গতি নাশৰ বাবে ভগবানক প্ৰাৰ্থনা জনাইছে। ইয়াৰ সমান্তৰালভাবে দুয়ো ৰাজ্য দুখনৰ বানাক্ৰান্ত জনতালৈ আৰ্থিক সাহায্য আগবঢ়াইছে। ইয়াৰ পূৰ্বে দম্পতীহালে পি এম কেয়াৰ পুঁজিলৈও বৰঙণি আগবঢ়ায়।

উল্লেখ্য যে বিৰাট-অনুষ্কাৰ পূৰ্বে আন এহাল চেলিব্ৰেটী দম্পতী প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনছে অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ অভিযান আৰম্ভ কৰে। এইবাৰ অসমৰ বানক লৈ আন্তঃজাতিক স্তৰতো ব্যাপক আলোচনা হৈছে। কিছুদিন পূৰ্বে ব্ৰিটিছ ৰাজকুমাৰ উইলিয়াম আৰু তেওঁৰ পত্নী কেটে কাজিৰঙাৰ বানক লৈ দুখ প্ৰকাশ কৰে।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com