অ'মিক্ৰণঃ দক্ষিণ আফ্ৰিকাত ক'ৰনা ভাইৰাছৰ নতুন প্ৰকাৰ চিনাক্ত

সোমবাৰে নেটৱৰ্ক ফৰ জিঅনমিক্স ছাৰ্ভিলেন্স ইন ছাউথ আফ্ৰিকা শীৰ্ষক সংস্থাই ক’ৰনা ভাইৰাছৰ এই প্ৰকাৰ চিনাক্ত কৰে।
অ'মিক্ৰণঃ দক্ষিণ আফ্ৰিকাত ক'ৰনা ভাইৰাছৰ নতুন প্ৰকাৰ চিনাক্ত
Published on: 

বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৱে প্ৰকাশ কৰা অনুসৰি দক্ষিণ আফ্ৰিকাত ক'ৱিড-১৯ৰ এবিধ মাৰাত্মক প্ৰকাৰ চিনাক্ত কৰা হৈছে ৷ ক'ৱিড-১৯ৰ এই প্ৰকাৰবিধৰ নাম " অ'মিক্ৰণ"-ও দিয়া হৈছে ৷ ইয়াক "উদ্বেগৰ প্ৰকাৰ" ( Variant of concern)-ৰূপে নামকৰণ কৰা হৈছে।  সোমবাৰে  নেটৱৰ্ক ফৰ জিঅনমিক্স ছাৰ্ভিলেন্স ইন ছাউথ আফ্ৰিকা শীৰ্ষক সংস্থাই ক'ৰনা ভাইৰাছৰ এই উতপৰিৱৰ্তনৰ প্ৰকাৰ চিনাক্ত কৰে।

উক্ত সংস্থাই ক'ৰনা ভাইৰাছৰ এটা থুপ আৱিষ্কাৰ কৰে। এই থুপ  বি. ১.১.৫২৯-ৰ অন্তৰ্ভুক্ত।  প্ৰাৰম্ভিক তথ্য অনুসৰি এই প্ৰকাৰৰ ক'ৰনা ভাইৰাছ ডেল্টা প্ৰকাৰৰ ক'ৰনা ভাইৰাছতকৈও অধিক সংক্ৰমণশীল। তদুপৰি বৰ্তামানে দি থকা ভেকচিনো এই ক'ৰনা ভাইৰাছ প্ৰতিৰোধত সম্পূৰ্ণৰূপে সক্ষম নহব বুলি কোৱা হৈছে। গতিকে বিশব স্বাস্থয সংস্থাই সমগ্ৰ বিশ্বৰ স্বাস্থ্য কৰ্মীসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। 

আনহাতে, দক্ষিণ আফ্ৰিকাৰ  সোঁচৰা ৰোগ নিয়ন্ত্ৰণ প্ৰতিষ্ঠান এ আই চি ডিৰ মতে, এই বিধ প্ৰকাৰৰ ক'ৰনা ভাইৰাছৰ সংক্ৰমণো ডেল্টা প্ৰকাৰৰ লেখীয়া। ইয়াৰ সংক্ৰমণ লক্ষণ বিহীনো হব পাৰে।  এই বিধ প্ৰকাৰৰ ক'ৰনা ভাইৰাছৰ তথ্য উদ্ধাৰৰ বাবে অধ্যয়ন অব্যাহত আছে।