ক'ৰ'না ৰোগীক অৱহেলাঃ ব্যক্তিগত হাস্পতালক কঠোৰ সকিয়নী মন্ত্ৰী হাজৰিকাৰ

ব্যক্তিগত হাস্পতালসমূহে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সন্মুখত ক’ৰ’না ৰোগীৰ ভিৰ কৰাইছে।
ক'ৰ'না ৰোগীক অৱহেলাঃ ব্যক্তিগত হাস্পতালক কঠোৰ সকিয়নী মন্ত্ৰী  হাজৰিকাৰ

ক'ৰ'না আক্ৰান্ত ৰোগীৰ চিকিত্সাৰ ক্ষেত্ৰত চৰম অনীহা প্ৰকাশ কৰা ব্যক্তিগত হাস্পতাল তথা নাৰ্ছিংহোমসমূহলৈ কঠোৰ সকিয়নী জাৰি কৰিলে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই। একাংশ নাৰ্ছিংহোমে ক'ৰ'না ৰোগীক গুৱাহাটী মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰা বুলি ক্ষোভ প্ৰকাশ কৰি মন্ত্ৰীজনে এনে নাৰ্ছিংহোমৰ অনুজ্ঞাপত্ৰ পৰ্যন্ত কৰা হ'ব বুলি হুংকাৰ দিয়ে। তেওঁ কয় যে যিবোৰ নাৰ্ছিংহোমে ক'ৰ'না ৰোগীক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ পঠিয়াই আছে, সেই নাৰ্ছিংহোমসমূহৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰা হ'ব।

অৱশ্যে এনে ৰোগীক বৰ্তমানে উপলব্ধ সৰ্বোত্তম চিকিত্সা প্ৰদান কৰা হ'ব বুলি সদৰী কৰি মন্ত্ৰী হাজৰিকাই আৰু কয়," আমি যোৱা তিনিদিনত দেখিবলৈ পাইছো যে ব্যক্তিগত হাস্পতালসমূহে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সন্মুখত ক'ৰ'না ৰোগীৰ ভিৰ কৰাইছে।এতিয়া মই এই হাস্পতালসমূহলৈ যাম আৰু ভঙাগড় আৰক্ষী থানালৈ যাম। এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিম"। তেওঁ লগতে কয়, "নাৰ্ছিংহোমসমূহে ভুল কৰি আছে।আমাৰ অনুমতি অবিহনে এনেদৰে ৰোগী প্ৰেৰণ কৰিব নোৱাৰে"।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com