বানত কাজিৰঙাৰ দুৰ্দশাক লৈ ম্ৰিয়মান স-পত্নীক ব্ৰিটিছ ৰাজকুমাৰ

শেহতীয়াভাবে বান পৰিস্থিতিক লৈ একাংশ প্ৰখ্যাত বিদেশী ব্যক্তিয়ে দুখ প্ৰকাশ কৰিছে।
বানত কাজিৰঙাৰ দুৰ্দশাক লৈ ম্ৰিয়মান স-পত্নীক ব্ৰিটিছ ৰাজকুমাৰ
Published on

এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ ম্ৰিয়মান হৈ পৰিছে ব্ৰিটিছ ৰাজকুমাৰ উইলিয়াম আৰু তেওঁৰ পত্নী ক্যাট মিডলটন। সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ বানত ডুব গৈ আছে। এইবাৰৰ সংহাৰী বানত ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড়কে ধৰি শতাধিক বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে। ইয়াক লৈ ৰাজকুমাৰ উইলিয়াম আৰু তেওঁৰ পত্নী ব্যথিত হৈছে। কাজিৰঙাত দুঃখত দুখী হোৱাৰ কথা বিৱৰি ব্ৰিটিছ ৰাজকুমাৰজনে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ কয় যে তেওঁৰ লগতে তেওঁৰ পত্নীৰ হৃদয় কাজিৰঙাৰ সাম্প্ৰতিক অৱস্থাই চূড়মাৰ কৰিছে। পত্ৰখনত উইলিয়ামে লগতে কয়, " ২০১৬ৰ এপ্ৰিলত আমি কাজিৰঙাত জীৱনৰ সবাতোকৈ সুখৰ স্মৃতি অৰ্জন কৰিছিলো। এতিয়া কাজিৰঙাত যি ঘটিছে, তাক লৈ আমি বাৰুকৈয়ে ব্যথিত আপোনালোকে বন্যপ্ৰাণীসমূহৰ প্ৰাণৰক্ষাৰ বাবে যি কৰিছে, সেয়া অনুকৰণীয়"।

উল্লেখ্য যে শেহতীয়াভাবে বান পৰিস্থিতিক লৈ একাংশ প্ৰখ্যাত বিদেশী ব্যক্তিয়ে দুখ প্ৰকাশ কৰিছে। এই তালিকাত সম্প্ৰতি সংযোজিত হৈছে উইলিয়াম আৰু ক্যাটৰ নাম।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com