গাজিয়াবাদত আত্মহত্যা কৰা মহিলা বাংগালোৰত জীৱিত অবস্থাত উদ্ধাৰ

গাজিয়াবাদত আত্মহত্যা কৰা মহিলা বাংগালোৰত জীৱিত অবস্থাত উদ্ধাৰ
Published on

গাজিয়াবাদত আত্মহত্যা কৰা মহিলা বাংগালোৰত জীৱিত অবস্থা উদ্ধাৰ হোৱা এক চাঞ্চ্যলৰ ঘটনা সংঘটিত হৈছে । ৫ জুলাইত দিল্লীৰ পৰা নিৰুদ্দেশ হোৱাৰ পাছত আৰক্ষীৰ অভিযানত মহিলা গৰাকীক বাংগালোৰত উদ্ধাৰ কৰা হৈছে । উল্লেখযোগ্য যে এই জীৱিত মহিলা গৰাকীয়ে আত্মহত্যা কৰিছিল বুলি মানি লোৱা হৈছিল ।

এই যুৱতী গৰাকীৰ নাম হৈছে কোমল। তেওঁ ইঞ্চুৰেঞ্চচ কোম্পানীৰ ট্ৰেইনিং মেনেজাৰ আৰু ভাৰতীয় কিষানৰ কেন্দ্ৰীয় ৰাষ্ট্ৰীয় সভাপতিৰ জীয়েক আছিল ।

কোমল উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ পৰা ৬ জুলাইৰ পৰা তেওঁৰ গাড়ীৰ সৈতে নিৰুদ্দেশ হৈ আছিল । কিন্তু গাড়ীৰ খনৰ ভিতৰত এখন চুইচাড নোট উৰ্ত্তীৰ্ণ কৰা হৈছিল । তেওঁ লিখি গৈছিল আত্মহত্যাৰ কথা। চুইচাড নোটত স্বামী আৰু শাহুৱেকে নিৰ্যাতন কৰাৰ বাবে আত্মহত্যাৰ পথ বাছি লৈছিল বুলি প্ৰকাশ কৰিছিল ।

সকলোৱে মানি লৈছিল কোমলে হিন্দন নদীত জপিয়াই আত্মহত্যা কৰিছিল । চৌদিশে পৰিয়ালত কান্দোনৰ ৰোল । কিন্তু ৩ দিনৰ পাছত মৃত বুলি ভাবি লোৱা মহিলা জীৱিত অৱস্থাত উদ্ধাৰে তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com