চুতীয়া উপাধিৰ বাবেই চাকৰিৰ আবেদন খাৰিজ হ'ল ধেমাজিৰ যুৱতীৰ

তেতিয়া অনুধাৱন কৰে যে তেওঁৰ উপাধি চুতীয়া হোৱাৰ বাবে আবেদন গ্ৰাহ্য হোৱা নাই। .
চুতীয়া উপাধিৰ বাবেই চাকৰিৰ আবেদন খাৰিজ হ'ল ধেমাজিৰ যুৱতীৰ
Published on

হিন্দীত চুতীয়া শব্দটো তুচ্ছাৰ্থত ব্যৱহাৰ কৰা হয়। কিন্তু দুৰ্ভাগ্যজনক কথা যে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় বীজ নিগমৰ এটা পদৰ বাবে আবেদন কৰা ধেমাজিৰ এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ আবেদন খাৰিজ হৈছে তেওঁৰ চুতীয়া উপাধিৰ বাবে। ধেমাজিৰ গোগামুখৰ প্ৰিয়ংকা চুতীয়া নামৰ এই যুৱতীগৰাকীয়ে বীজ নিগমৰ চাকৰিৰ বাবে অনলাইন আবেদন জমা দিয়াৰ চেষ্টা কৰে। কিন্তু তেওঁৰ উপাধি চুতীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অনলাইন আবেদন গ্ৰাহ্য নহ'ল। চুতীয়া উপাধিক অশোভনীয়ৰূপে বিবেচনা কৰি আবেদন অগ্ৰাহ্য কৰা হয়।

পাছত এই তিক্তকৰ অভিজ্ঞতাৰ বিষয়ে তথা নিজৰ কোনো ভুল নোহোৱাকৈ আবেদনখন নাকচ হোৱাৰ কথা প্ৰিয়ংকাই ছোচিয়েল মিডিয়াত প্ৰকাশ কৰে। যুৱতীগৰাকীয়ে ফে'চবুকত প্ৰকাশ কৰা অনুসৰি তেওঁ কৃষি অৰ্থনীতি আৰু পাম ব্যৱস্থাপনাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী । বীজ নিগমৰ চাকৰিৰ অনলাইন আবেদন পত্ৰ পূৰণৰ সময়ত বাৰে বাৰে তেওঁক উপাধি শুদ্ধকৈ লিখিবলৈ নিৰ্দেশনা আহে। সেই অনুসৰি তেওঁ একাধিকবাৰ উপাদি শুদ্ধকৈ লিখে যদিও আবেদন অগ্ৰাহ্য হয়। তেতিয়া অনুধাৱন কৰে যে তেওঁৰ উপাধি চুতীয়া হোৱাৰ বাবে আবেদন গ্ৰাহ্য হোৱা নাই। . 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com