আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ নহয় মন্ত্ৰী শৰ্মা !

কে। লক্ষ্যণীয়ভাবে কালি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে মন্ত্ৰী শৰ্মা মুখ্যমন্ত্ৰী পদৰ লালসাত আছে।
আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ নহয় মন্ত্ৰী শৰ্মা !
Published on

আগন্তুক ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত নিজে প্ৰতিদ্বন্দ্বিতা নকৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে মন্ত্ৰীজনে আগন্তক নিৰ্বচনত দলৰ বাবে সৰ্বোচ্চ উজাৰি দিব। ইয়াৰ জৰিয়তে তেওঁ দলে নূন্যতম এশখন আসন লাভ কৰাটো নিশ্চিত কৰিব।

কিছু সময় পূৰ্বে টুইটাৰত এই কথা প্ৰকাশ কৰে স্বাস্থ্য় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা টুইটত মন্ত্ৰী শৰ্মাই কয়, " কিছুসংখ্য়ক মানুহে ভাবে যে মই পদ আৰু আসনৰ পাছত আছো। কিন্তু মোৰ একমাত্ৰ আকাংক্ষা হৈছে আগন্তুক নিৰ্বাচনত বিজেপিয়ে এশখন আসন লাভ কৰাটো নিশ্চিত কৰা"।জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী শৰ্মাই অৱশ্যে কেনেধৰণৰ মানুহে তেওঁ পদবীৰ পাছত দৌৰা বুলি ভাবে, তাৰ বিষয়ে উল্লেখ কৰাৰ পৰা বিৰত থাকে। লক্ষ্যণীয়ভাবে কালি বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে মন্ত্ৰী শৰ্মা মুখ্যমন্ত্ৰী পদৰ লালসাত আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com