ৰাজ্যত ৯৪টা জন কল্যানমূলক প্ৰকল্পৰ কাম আধৰুৱা হৈ ৰ'ল

এই আধৰুৱা হৈ ৰোৱা প্ৰকল্পসমূহৰ কাম ২৫-ৰ পৰা ৬০শতাংশ সম্পূৰ্ণ হৈছে।
ৰাজ্যত ৯৪টা জন কল্যানমূলক প্ৰকল্পৰ কাম আধৰুৱা হৈ ৰ'ল

ৰাজ্যত এটা নহয়, দুটা নহয়, ৯৪টা জন কল্যানমূলক তথা উন্নয়নমূলক প্ৰকল্পৰ আধৰুৱা হৈ ৰ'ল। আনকি অসম চৰকাৰে এই প্ৰকল্পসমূহৰ বিপৰীতে বিগত ১০বছৰত ৫৮৬কোটি টকা ব্যয় কৰাৰ পাছতো এইসমূহৰ কাম সম্পূৰ্ণ হোৱা নাই ৷ এই অসম্পূৰ্ণ প্ৰকল্পসমূহৰ ৩৭টা গড়কাপ্টানী বিভাগৰ, ৩৬টা জলসিঞ্চন বিভাগৰ আৰু ২১টা জলসম্পদ বিভাগৰ। প্ৰাপ্ত তথ্য অনুসৰি আদিতে এই প্ৰকল্পসমূহৰ ব্যয় ৮৭২কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল। এই আধৰুৱা হৈ ৰোৱা প্ৰকল্পসমূহৰ কাম ২৫-ৰ পৰা ৬০শতাংশ সম্পূৰ্ণ হৈছে।

এই প্ৰকল্পসমূহৰ কাম শেষ কৰাৰ সময় একাধিকবাৰ সলনি কৰা হয়। তৎসত্বেও আজিও প্ৰকল্পসমূহৰ কাম শেষ হোৱা নাই। উক্ত প্ৰকল্পসমূহ ৰূপায়নৰ কাম ২০১১-১২ আৰু ২০১৮-১৯-ৰ সময়ছোৱাত হৈছিল ৷ ২০১৯-ৰ মাৰ্চত অন্ত পৰা বিত্তীয় বৰ্ষটোৰ হিচাপ পৰীক্ষাৰ পাছত ৰাজ্য চৰকাৰক এই প্ৰকল্পসমূহৰ কাম তাৎক্ষণিকভাবে অন্ত পেলাবলৈ অনুৰোধ জনায় ৷

সূত্ৰই জানিবলৈ দিয়া অনুসৰি বিভিন্ন কাৰণত বিভিন্ন প্ৰকল্পৰ অৱস্থা এনে হৈ ৰ'ল ৷ বহু ঠিকাদাৰে কাম পাবৰ বাবে নিম্ন নিৰিখৰ নিবিদা দাখিল কৰে ৷ কিন্তু পাছত এনে ঠিকাদাৰ বিত্তীয় সমস্যাৰ সন্মুখীন হয় ৷ তদুপৰি কেতবোৰ প্ৰকল্পৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণো জটিল হৈ উঠে ৷ ফলত বহু প্ৰকল্পৰ কাম আধৰুৱা হৈ ৰয়। এনে অৱস্থাত কৰদাতাৰ ধনৰ সঠিক ব্যয়ক লৈ প্ৰশ্নৰ অৱতাৰণা হয়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com