অৱশেষত সম্পূৰ্ণ হ'ল ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানালী-লেহ সুৰংগ

এই সুৰংগই মানালী আৰু লেহৰ মাজৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰিব ৷
অৱশেষত সম্পূৰ্ণ হ'ল ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মানালী-লেহ সুৰংগ

অৱশেষত নিৰ্মাণ হ'ল মানালী আৰু লেহক সংযোগ কৰি নিৰ্মাণ কৰা অটল সুৰংগ ৷ সাগৰপৃষ্ঠৰ পৰা ১০হেজাৰ ফুট উচ্চতাত নিৰ্মিত ৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগৰ নিৰ্মাণৰ কাম ১০বছৰ পূৰ্বে আৰম্ভ হয় ৷ এই সুৰংগ হৈছে ঘাইপথত স্থাপিত বিশ্বৰে সৰ্বাধিক দৈৰ্ঘ্যৰ সুৰংগ।

আদিতে এই সুৰংগৰ নিৰ্মাণ ছয় ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল। এই সুৰংগই মানালী আৰু লেহৰ মাজৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰিব ৷ ফলত যাত্ৰীৰ বৰ্তমানৰ তুলনাত চাৰি ঘণ্টা সময় ৰাহি হ'ব৷ আনহাতে, এই প্ৰকল্পৰ মুখ্য অভিযন্তা প্ৰতি ৬০মিটাৰ দূৰে দূৰে এই সুৰংগ পথত চিচি টিভি কেমেৰা থাকিব আৰু পাঁচশ মিটাৰ দূৰৈত জৰুৰী প্ৰস্থান পথ থাকিব ৷ সুৰংগৰ ভিতৰত অগ্নি-নিৰ্বাপন সঁজুলিও স্থাপন কৰা হ'ব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com