যোৰহাট নগৰত গণ প্ৰহাৰত যুৱকৰ মৃত্যুঃ দুজন আহত

অনিমেশ বৰা, এটা টেলিভিচন চেনেলৰ সাংবাদিক মৃদুস্মন্ত বৰুৱা আৰু আন এজন যুৱকে যোৰহাটলৈ আহে।
যোৰহাট  নগৰত গণ প্ৰহাৰত যুৱকৰ মৃত্যুঃ দুজন আহত
Published on: 

এটা অভাৱনীয় ঘটনা সংঘটিত হ'ল যোৰহাট নগৰত। এটা ৫০ জনীয়া উন্মত্ত লোকৰ আক্ৰমণত এজন যুৱকৰ প্ৰাণহানি ঘটাৰ লগতে আন দুজন যুৱক আহত হয় ৷ মৃত যুৱকজনক ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশ ভূঞা বুলি চিনাক্ত কৰা হৈছে ৷  মৃত অনিমেশৰ ঘৰ গোলাঘাট জিলাৰ খুমটাইত। প্ৰাপ্ত তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আঞ্চিলক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেশ বৰা, এটা টেলিভিচন চেনেলৰ সাংবাদিক মৃদুস্মন্ত বৰুৱা আৰু আন এজন যুৱকে কৰ্তব্যৰ খাতিৰত যোৰহাট নগৰলৈ আহে।

পাছত তেওঁলোকক কোনো দুৰ্ঘটনাত জড়িত থকাৰ সন্দেহত এটা ৫০ জনীয়া দলে আক্ৰমণ কৰে। আক্ৰমণটোত অনিমেশৰ মৃত্যু হয়।  যোৰহাট ছাত্ৰ সন্থাৰ এজন নেতাই। আক্ৰমণত গুৰুতৰভাবে আহত যুৱককেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি যোৰহাট চিকিত্সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ।. তাত চিকিত্সকে অনিমেশক মৃত বুলি ঘোষণা কৰে।