শিল্পী জুবীনক আক্ৰমণৰ অপচেষ্টাঃ মূল অভিযুক্ত শুংসূত্ৰহীন

সম্প্ৰতি তেওঁ শুংসূত্ৰহীন হৈ আছে। আৰক্ষীয়ে তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ অমৰজ্যোতি ৰাজবংশীক সোধ-পোচৰ বাবে থানালৈ আনে।
শিল্পী জুবীনক আক্ৰমণৰ অপচেষ্টাঃ মূল অভিযুক্ত শুংসূত্ৰহীন

যোৱা নিশা গুৱাহাটীৰ ৰাজপথত জনপ্ৰিয় কণ্ঠ শিল্পী জুবীন গাৰ্গক আক্ৰমণৰ অপচেষ্টা চলোৱা দলটোৰ মূল অভিযুক্তজন পলাতক আছে। উল্লেখ্য যে এ এছ-০১ বি ৱাই-০৬৭৫ নম্বৰৰ এখন গাড়ীত অহা এটা ছয়-সাতজনীয়া দলে জুবীনক বীয়েৰৰ বটলেৰে আক্ৰমণৰ অপচেষ্টা চলায়। গাড়ীখনৰ গৰাকী হীৰকজ্যোতি ৰাজবংশী নামৰ যুৱকজন এই আক্ৰমণৰ মূল অভিযুক্তৰূপে চিহ্নিত হৈছে। যুৱকজনৰ ঘৰ গুৱাহাটীৰ পূব শৰণীয়াত।

আজি পুৱা যুৱকজনৰ ঘৰত আৰক্ষীৰ দল উপস্থিত হয় যদিও তেওঁৰ সন্ধান ওলিয়াব নোৱাৰিলে। সম্প্ৰতি তেওঁ শুংসূত্ৰহীন হৈ আছে। আৰক্ষীয়ে তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ অমৰজ্যোতি ৰাজবংশীক সোধ-পোচৰ বাবে থানালৈ আনে। ইপিনে, অভিযুক্তজনে নিজৰ ফে'চবুক একাউণ্ট ডি-এক্টিভেট কৰিছে। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com