জুবীনক লৈ নিকৃষ্ট ৰাজনীতি হোৱা উচিত নহয়ঃ মন্ত্ৰী শৰ্মা

মন্ত্ৰীজনে জুবীনক ৰাজনীতিলৈ টানি অনা উচিত নহয় বুলি মন্তব্য কৰে
জুবীনক লৈ নিকৃষ্ট ৰাজনীতি হোৱা উচিত নহয়ঃ মন্ত্ৰী শৰ্মা
Published on: 

জনপ্ৰিয় শিল্পী জুবীন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৱা নিশা গুৱাহাটীৰ ৰাজপথত দুৰ্বৃত্তৰ এটা দলে জনপ্ৰিয় শিল্পীগৰাকীক আক্ৰমণৰ যি চেষ্টা চলায়, তাক গৰিহণা দি মন্ত্ৰী শৰ্মাই আজি কয় যে জুবীনক তৰল ৰাজনীতিৰ উৰ্ধত ৰখা উচিত। আক্ৰমণৰ ঘটনাটোক গৰিহনা দি তেওঁ লগতে কয়, " তেওঁক নিৰাপত্তাৰক্ষী প্ৰদান নকৰা হ'লে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খালেহেঁতেন। "

গুৱাহাটীৰ আৰক্ষী আয়ুক্তক দোষীক বিচাৰি উলিওৱাৰ দায়িত্ব প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰি মন্ত্ৰীজনে জুবীনক  ৰাজনীতিলৈ টানি অনা উচিত নহয় বুলি মন্তব্য কৰে। তেওঁ কয় যে জুবীনক নিৰাপত্তাৰক্ষী দিবলগীয়া হোৱাটো অসমীয়া জাতিৰ বাবে অতি লজ্জাজনক ঘটনা।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com