অনাগত লোকসভা নিৰ্বাচনৰ কাৰণে বিজেপিৰ বিশেষ প্ৰস্তুষ্টি

অনাগত লোকসভা নিৰ্বাচনৰ কাৰণে বিজেপিৰ বিশেষ প্ৰস্তুষ্টি

সম্প্ৰতি ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনৰ উপ সমিতিৰ লগত লোকসভা নিৰ্বাচনৰ কাৰণে ককাঁলত টঙালি বান্ধিছে ৷ যাতে নিৰ্বাচনী প্ৰচাৰত কোনো অসুবিধাৰ সৃষ্টি নহয় ৷ লগতে নিশ্চিত কৰিছে যে, প্ৰত্যেক উপ সমিতিত ৫ ৰ পৰা ১২ জন সদস্য থাকিব। তেওঁলোকক কাৰ্যালয় সমিতি,প্ৰচাৰ,সাক্ষৰতা,কেন্দ্ৰীয় নেতৃত্ব কাৰ্যক্ৰম,প্ৰচাৰ সামগ্ৰী বিতৰণ,জিলা প্ৰশাসনৰ লগত সমন্বয়,পৰিবহন আদি ৰূপত বিভাজিত কৰা হৈছে ৷ ৰাজ্যিক বিজেপিৰ এক বিশেষ সূত্ৰৰ মতে, দলৰ লগত সদায় এক নিৰ্বাচন সম্বন্ধীয় সমিতি থাকে ৷ আৰু এই সমিতিখনে ১৮ উপ সমিতিখনক সহায় কৰে ৷

উপসমিতিখনে নিৰ্বাচন সম্বন্ধীয় সমিতিখনক নিৰ্বাচন সম্বন্ধীয় প্ৰতিবেদন দিব ৷ অন্যহাতে এই উপ সমিতিখনে প্ৰত্যেক নিৰ্বাচনত সহায় কৰে।ইফালে, অসমত নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১১ এপ্ৰিলত তেজপুৰ,কলিয়াবৰ, যোৰহাট,ডিব্ৰুগড় আৰু লক্ষীমপুৰত অনুষ্ঠিত হ’ব ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ১৮ এপ্ৰিলত কৰীমগঞ্জ,শিলচৰ, মংগলদৈ,ডিফু আৰু নগাঁৱত অনুষ্ঠিত হ’ব ৷ আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ২৩ এপ্ৰিলত ধুবুৰী,কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ’ব ৷

অন্যহাতে বিজেপিৰ ষ্টাৰ সদৃশ প্ৰচাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ মাৰ্চত নিৰ্বাচন প্ৰচাৰত অংশ ল’ব ৷ প্ৰধানমন্ত্ৰী মোডী তেজপুৰ নিৰ্বাচন ক্ষেত্ৰৰ লগতে গহপুৰ, ডিব্ৰুগড় আৰু মৰাণত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ,বাবুল সুপ্ৰিয়,বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব এনই ৰাম মাধৱ আৰু ৰূপা গাংগুলীৰ লগতে অন্যান্য বিজেপিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকিব ৷ উল্লেখ্য যে,শুক্ৰবাৰে ৭০ টি সংগঠনে বিজেপিক তীব্ৰ সমালোচনা কৰে ৷

লগতে জনসাধাৰণক বিজেপিৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰে ৷ এই সন্দৰ্ভত বিজেপিৰ এজন নেতা হেমাংগ বৈশ্যই কয় যে এই সমূহ কংগ্ৰেছৰ এজেন্ট ৷ বিজেপিক পদচ্যুত কৰিবৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰে ৷ সকলো অসমবাসী সম্প্ৰতি বিজেপিৰ লগত আছে ৷ গতিকে আমি এইবাৰ জয়ী হোৱাৰ আশা কৰিছো।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com