ভাৰতৰ ভূমিত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান

ভাৰতৰ ভূমিত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান

দেশলৈ উভতিল বীৰ সন্তান অভিনন্দন বাৰ্থামান। ভাৰতৰ বায়ুসেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান দুদিন ধৰি পাকিস্তানৰ জিম্মাত থকাৰ পাছত উৎকন্ঠাৰ অৱসান ঘটাই শুকুৰবাৰে স্বদেশৰ ভূমিত উপস্থিত ওইং কামাণ্ডাৰ । দুদিনৰ পূৰ্বে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানে পাকিস্তানৰ যুঁজাৰু বিমান F-16 বিমান খন ভূপতিত কৰিবলৈ গৈ ভাৰতৰ মিগ-21 বিমান খন দুৰ্ঘটনাৰ পতিত হৈ বিমান খনৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান পাকিস্তানৰ ভূমিত পেৰাচ্যুতেৰে অবতৰণ কৰিছিল । তাৰ পাছৰে পৰা ওইং কামাণ্ডাৰ গৰাকী পাকিস্তানৰ জিম্মাত আছিল ।

পোছাকত নীলা ৰঙৰ কোট, গেৰুৱা ৰঙৰ পাইজামা, বগা ৰঙৰ চাৰ্ট পৰিধান কৰা পৰিলক্ষিত হৈছিল । নিশা ৯.২১ বজাত ভাৰত- পাক সীমান্ত অতিক্ৰম কৰি ভাৰতৰ ভূমিত প্ৰবেশ কৰে । ভাৰতৰ ভূমিত ভৰি দিয়াৰ লগে লগে ভাৰতীয় সেনা জোৱান সকলে অভিনন্দন বাৰ্থামানক উষ্ম আদৰণি জনায় ।

অমৃতশ্বৰৰ জিলা উপায়ুক্ত শ্বিভদুলাৰ সিং ধিলনে জনোৱা মতে ভাৰতৰ ভূমি ত প্ৰবেশ কৰিয়ে ' নিজৰ ঘৰলৈ ওভতি অহি সুখী ' বুলি অভিনন্দন বাৰ্থামানে প্ৰকাশ কৰে বুলি জনাই । পাকিস্তানৰ দিশত অভিনন্দন বাৰ্থামানৰ লগত কেপ্তেইন জে,ডি কুৰিয়ানৰ লগতে পাকিস্তানৰ সেনা বিষয়াক পৰিলক্ষিত হয় । পাকিস্তানৰ জিম্মাত ৬০ ঘন্টা থকাৰ পাছত ৱাঘা-আট্টাৰি সীমান্তয়েদি জিৰ' লাইনত উপস্থিত হয় অভিনন্দন বাৰ্থামান।

অভিনন্দন বাৰ্থামানক ভাৰতীয় বায়ু সেনাৰ শীৰ্ষ বিষয়া আৰু নিৰাপত্তা বিষয়াই আদৰি আনে অভিনন্দন বাৰ্থামানক । বায়ু সেনাৰ ভাইচ মাৰচেল আৰ, জি, কে কাপুৰে কয় যে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া শেষ কৰি ভাৰতীয় বায়ু সেনাক গটাই দিছে । অভিনন্দন বাৰ্থামানক ঘূৰাই পায় ভাৰতীয় বায়ু সেনা সুখী বুলি প্ৰকাশ কৰে বায়ু ভাইচ মাৰচেলে। লগতে প্ৰকাশ কৰে যে অভিনন্দন বাৰ্থামান অহি পোৱাত বিলম্ব হোৱাৰ বিশেষ কোনো কাৰণ নাই । পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতি বাৰে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক ভাৰতক মুকলি কৰি দিব লাগে বুলি প্ৰকাশ কৰিছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com