অমিত শ্বাহৰ বিৰুদ্ধে গোচৰ তৰাটো গনতন্ত্ৰৰ বাবে প্ৰহসন: ৰাজনাথ সিঙ

অমিত শ্বাহৰ বিৰুদ্ধে গোচৰ তৰাটো গনতন্ত্ৰৰ বাবে প্ৰহসন: ৰাজনাথ সিঙ
Published on

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে প্ৰকাশ কৰে যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তেওঁৰ চৰকাৰে বিজেপিৰ নেতা আৰু কৰ্মী সকলক আক্ৰমণ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰিছে ।

মংগলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰোডশ্বত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত কলকাতা আৰক্ষীয়ে অমিত শ্বাহৰ বিৰুদ্ধে গোচৰ তৰাৰ পাছত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৰাজনাথ সিঙে ।

ৰাজ্য খনত ৰাজনৈতিক হিংসাত্মক ঘটনা বৃদ্ধি পোৱাক লৈ ৰাজনাথ সিঙে টুইটাৰ যোগে প্ৰকাশ কৰে কলকাতাৰ হিংসাত্মক ঘটনাৰ কাৰনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো গনতন্ত্ৰৰ বাবে প্ৰহসন ।

লগতে তেওঁ কয় যে পশ্চিম বংগ চৰকাৰে গনতন্ত্ৰৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে । নেতা আৰু কৰ্মীক ভয় দেখুৱাবলৈ কৰা এই প্ৰচেষ্টা অতি দুৰ্ভাগ্যজনক ।

ৰাজনৈতিক হিংসাত্মক ঘটনা সমুহৰ বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰি সাধাৰণ নিৰ্বাচনৰ সময় আইন শৃংখলা জনিত অবনতি ঘটিছে বুলি প্ৰকাশ কৰিছে ।

আইন- শৃংখলা বজাই ৰখাটো ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ প্ৰাৰম্ভিক দায়িত্ব । পশ্চিম বংগৰ চৰকাৰ আৰু মুখ্যমন্ত্ৰীয়ে এনে হিংসাত্মক পৰিস্থিতি বাবে দায়ী বুলি প্ৰকাশ কৰে ৰাজনাথ সিঙে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com