অমৃতসৰৰ আক্ৰমণৰ ঘটনাক নিন্দা ৰাহুল গান্ধীৰ

অমৃতসৰৰ আক্ৰমণৰ ঘটনাক নিন্দা ৰাহুল গান্ধীৰ
Published on

অমৃতসৰৰ এক ধাৰ্মিক পৰিবেশত হোৱা গ্ৰেনেড আক্ৰমণৰ ঘটনাক কঠোৰ নিন্দা কৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।ৰবিবাৰে অমৃতসৰ স্থিত নিৰংকাৰী ভবনৰ ভিতৰত ২০০ ৰো অধিক ধাৰ্মিক লোকৰ সমাগম হোৱা ঠাইত কোনো অচিনাকী দুৰ্বিত্তই গ্ৰেনেড আক্ৰমণ কৰে। এই আক্ৰমনত তিনিজন লোকে প্ৰাণ হেৰুৱাই আৰু ২০ জন লোক আহত হয়।

ৰাহুল গান্ধীয়ে নিজৰ ফেচবুক পোষ্টত এইদৰে লিখে,"অমৃতসৰত হোৱা আক্ৰমণৰ ঘটনাত মই মৰ্মাহত হৈছো, ইয়াৰ যিমান নিন্দা কৰিলেও কম হব।মৃতক আৰু মৃতকৰ পৰিয়ালৰ প্ৰতি মই গভীৰ শোক প্ৰকাশ কৰি সমাবেদনা জ্ঞাপন কৰিছো।"

কংগ্ৰেছৰ মুখ্য প্ৰবক্তা ৰণদ্বীপ সুৰজৱালাইয়ো টুইটাৰযোগে ঘটনাৰ নিন্দা কৰি জনসাধাৰণক শান্তি আৰু সম্পৃতি ৰক্ষাৰ বাবে আহ্বান জনাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com