অসমৰ নেত্ৰহীন লোকৰ সন্দৰ্ভত এক বিশেষ তথ্য

অসমৰ নেত্ৰহীন লোকৰ সন্দৰ্ভত এক বিশেষ তথ্য

অসমত সম্প্ৰতি নেত্ৰহীন সকলৰ ক্ষেত্ৰত এই সুন্দৰ পৃথিৱীখন প্ৰত্যক্ষ কৰিবলৈ লোৱা পদক্ষেপ গ্ৰহণ কৰাত যেন হেমাহি দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যখনত আকৌ এবাৰ কৰ্নিয়া দানৰ ক্ষেত্ৰত লোৱা সন্দৰ্ভত ভাৰতীয় নেত্ৰ বেংক এছোচিয়েশ্যনে ২০১৭-২০১৮ বৰ্ষত কেৱল ১৫৮ টা নেত্ৰ সংগ্ৰহৰ তথ্য প্ৰদান কৰিছে ৷

অন্যহাতে ২০১৭-১৮ বৰ্ষতে কাষৰীয়া বংগাল আৰু উৰিষ্যাত নেত্ৰদানৰ তথ্য পোৱা গৈছে ১,৮৬৫ আৰু ১,২৬৩ টা ৷ ২০১৭ আৰু ২০১৮ বৰ্ষতকৈ ২০১৬-১৭ বৰ্ষত নেত্ৰ সংগ্ৰহৰ সংখ্যা আছিল ২১৪ টা ৷ ইফালে ২০১১ চনৰ জনগণনাৰ তথ্য আৰু বিকলাংগ ব্যক্তিসকলৰ বিভাগৰ তথ্য অনুসৰি অসমত মুঠ ৮০,৫৫৩ জন দৃষ্টিহীন অথবা নেত্ৰহীন লোক আছে ৷

ভাৰতীয় আই বেংক সংস্থাই দেশত নেত্ৰদানৰ দিশত জনসাধাৰণক সজাগতাৰ পক্ষে কাম কৰি আছে ৷ বিষেশজ্ঞসকলৰ অনুসৰি অসমত নেত্ৰদানৰ সপক্ষে জনসাধাৰণৰ সজাগ সীমিত, কাৰণ নেত্ৰদানৰ ক্ষেত্ৰত সজাগতাৰ অভাৱ ৷ লগতে কৰ্ণিয়া সীমিত সংগ্ৰহৰ কাৰণ হৈছে অন্ধ্ৰ বিশ্বাস,জাগৰণৰ অভাৱ আদি ৷ আৰু কৰ্নিয়া সংগ্ৰহ কৰা সংস্থাসমূহে যিকোনো ব্যক্তিয়ে মৃত্যুৰ প্ৰাকমুহুৰ্তত কৰ্নিয়া দান দিয়াৰ পিছতো পৰিয়ালৰ লগত সহমতি লাভ কৰি, কৰ্নিয়া সংগ্ৰহ কৰিবলৈ সক্ষম নহয়।

উল্লেখ্য যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এজন নেত্ৰ ৰোগ বিশেষজ্ঞই কয় যে ৰাজ্যখনত এক বৃহৎ নেত্ৰ বেংক হোৱা তৎকালীন আৱশ্যকতা আছে ৷ কাৰণ,বহু লোকেই নিজৰ চকু ক’ত আৰু কেনেকৈ দান কৰিব লাগে সেই সন্দৰ্ভতে নাজানে ৷ এজন ব্যক্তিৰ মৃত্যু ছয় ঘন্টাৰ ভিতৰত নেত্ৰ সংগ্ৰহ কৰিব লাগে ৷ ইয়াৰ পিছত অৰ্থাৎ মৃত ব্যক্তি জনৰ পৰা নেত্ৰ সংগ্ৰহ কৰাৰ ২৪ ঘন্টাৰ পিছত চকু সংস্থাপিত কৰিব লাগে ৷ অথবা নেত্ৰ বেংকত সংগ্ৰহ কৰি ৰাখিব পাৰি ৷ অন্যহাতে, এনেধৰণে নেত্ৰ বেংকত চকু কেৱল ১৪ দিনলৈকেহে ৰাখিব পাৰি ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com