অসমৰ লোকসভা নিৰ্বাচনত পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত হব

অসমৰ লোকসভা নিৰ্বাচনত পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত হব
Published on

লোকসভা নিৰ্বাচনৰ পিছতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত হব। ১০-২৪ এপ্ৰিললৈকে ১৫ দিনৰ বিৰতিৰ পিছত বিষয়া সকল পুনৰ ২৫ এপ্ৰিলৰ পৰা এন আৰ চি ৰ কামত ব্যস্ত হৈ পৰিছে । লোকসভা নিৰ্বাচন আৰু ৰঙালী বিহুৰ বাবে এন আৰ চিৰ কাম ১০-২৪ এপ্ৰিললৈকে বন্ধ হৈ আছিল । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এন আৰ চিৰ চুৰান্ত খচৰা প্ৰকাশৰ দিন ৩১ জুলাই ২০১৯ ধাৰ্য কৰিছে । ন্যায়ালয়ে দিয়া সময় সীমাৰ ভিতৰত এন আৰ চিৰ কাম সম্পূৰ্ণ কৰিবলৈ কতৃপক্ষয়ে চেষ্টা অব্যাহত ৰাখিছে ।

সূত্ৰই জনোৱা মতে, এপেক্স কোৰ্টে দিয়া সময় সীমাৰ ভিতৰত এন আৰ চিৰ কাম সম্পূৰ্ণ কৰিবলৈ যদি আৰু অধিক বিষয়াৰ প্ৰয়োজন হয় , তেন্তে নিয়োগ কৰিব পাৰিব বুলিও প্ৰকাশ কৰিছে । এন আৰ চিৰ কামত বৰ্তমান ৩,৩০০ বিষয়া নিয়োগ হৈ আছে । সূত্ৰই জানিবলৈ দিয়া মতে, জুন মাহৰ মাজ ভাগলৈ এন আৰ চিৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য কৰি লৈছে । এন আৰ চিৰ কাম শেষ হোৱাৰ পাছতো এক অথবা দেৰ মাহ সময় দাতা সমুহ সন্নিবিষ্ট কৰিবলৈ প্ৰয়োজন হব। ২০১৯ চনৰ ১০ এপ্ৰিললৈকে এন আৰ চিৰ ৫০ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে ।

এন আৰ চিত নিজৰ নাম অন্তভূক্ত কৰিবলৈ ৩.২৯ কোটি লোকে আবেদন কৰিছে। ইয়াৰে ৪০.০৭ লোকে এন আৰ চিৰ সম্পুৰ্ণ তথ্য জমা দিয়া নাই । ৪০.০৭ লাখ লোকৰ ৩৬.২ লাখ লোকৰ উপযুক্ত তথ্য দাখিল কৰাত ব্যৰ্থ হৈছে । ২ লাখ লোকৰ নথিপত্ৰ বৈধ বুলি প্ৰকাশ কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com