আঙুৰলতাৰ সমষ্টিত পথ নিৰ্মাণৰ পিছতে বখলা বখলে খহিল ব্লেক টপিং

আঙুৰলতাৰ সমষ্টিত পথ নিৰ্মাণৰ পিছতে বখলা বখলে খহিল ব্লেক টপিং
Published on

অসাৰ প্ৰতিপন্ন হ'ল বটদ্ৰৱা সমষ্টিৰ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই সঘনাই মেলে মিটিঙে প্ৰদান কৰি অহা দুৰ্নীতি বিৰোধী হুংকাৰ।বটদ্ৰৱাত পথ নিৰ্মাণৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে কোনো দুৰ্নীতি অনিয়ম সংঘটিত কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আঙুৰলতাই দি অহা হুংকাৰক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি সম্প্ৰতি ঠিকাদাৰে পথ নিৰ্মাণত সংঘটিত কৰিছে ব্যাপক অনিয়ম। যাৰ ফলত এটা গুৰুত্বপূৰ্ণ নৱনিৰ্মিত গড়কাপ্তানি পথ নিৰ্মাণৰ এসপ্তাহৰ পিচতে বখলা বখলকৈ খহিবলৈ লৈছে ব্লেক টপিং।

উল্লেখ্য যে, মৰিগাঁও জিলাৰ বিভিন্ন ঠাইৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ অহা তীৰ্থযাত্রীৰ সুবিধার্থে বিজেপি চৰকাৰে বিশ্ব বেংকৰ আচনিৰ জৰিয়তে বটদ্ৰৱা থান আৰু কুঁজী সত্ৰ সংযোগী ১৫ কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ ব্যৱস্থা কৰিছিল। এই গুৰুত্বপূৰ্ণ পথটোৰ ঠিকা লাভ কৰিছিল নগাঁৱৰ ৰমেশ আগৰৱালা নামৰ এজন ঠিকাদাৰে। কিন্তু পথটো নিৰ্মাণৰ কাম সম্পূর্ণ হোৱাৰ এসপ্তাহ পিছতেই বটদ্ৰৱাৰ গোসাইখন্দাবাসী ৰাইজে হাতেৰেই পথৰ ব্লেক টপিং এৰোৱা দেখিবলৈ পোৱা গ'ল ।

পথটো নিৰ্মাণত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিত ঠিকাদাৰৰ লগতে ৰাজনৈতিক নেতা পালিনেতা আৰু বিভাগীয় বিষয়া জড়িত থকাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে এই পথটোৰ নিৰ্মানত ব্যাপক দুৰ্নীতিৰ বিষয়ে ঠিকাদাৰৰ বিৰুদ্ধে হুংকাৰ দিয়া বিধায়িকা আঙুৰলতা ডেকাক অৱগত কৰিছে যদিও নীৰৱ ভূমিকা পালন কৰি আহিছে বিধায়িকা গৰাকীয়ে । ৰাইজৰ দাবী এই গুৰুত্বপূৰ্ণ পথত সংঘটিত হোৱা ব্যাপক অনিয়মৰ তদন্ত কৰি বিভাগীয় বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ বিৰুদ্ধে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰক বিধায়িকাগৰাকীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com