আঞ্চলিক ভাষা পাঠ্যক্ৰমত অন্তভূক্ত কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠনক আহ্বান অসম সাহিত্য সভাৰ

আঞ্চলিক ভাষা পাঠ্যক্ৰমত অন্তভূক্ত কৰিবলৈ কেন্দ্ৰীয় বিদ্যালয় সংগঠনক আহ্বান অসম সাহিত্য সভাৰ
Published on

আঞ্চলিক / অতিৰিক্ত ভাষা প্ৰয়োগ কৰিবলৈ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনলৈ অসম সাহিত্য সভাৰ আহ্বান । কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ সহ আয়ুক্তলৈ শেহতীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । নতুন নিয়মাৱলী সম্বলিত কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আঞ্চলিক বিষয়াক কোৱা হৈছে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা বাধ্যতামূলক কৰা ।

সোমবাৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কেন্দ্ৰীয় বিদ্যালয় সমূহত স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা বাধ্যতামূলক কৰা হৈছে। কিন্তু আঞ্চলিক ভাষা অথা অতিৰিক্ত ভাষাক সমুলঞ্চে ধবংস কৰা হৈছে । কেন্দ্ৰীয় বিদ্যালয়ৰ ১৫ জনৰো অধিক শিক্ষাৰ্থীয়ে আঞ্চলিক ভাষা অথা অতিৰিক্ত ভাষা শিকিব বিচাৰে।

নতুন সময় সুচীত শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ সময়ৰ আগত অথবা পিছত আঞ্চলিক/ অতিৰিক্ত ভাষা শিক্ষা গ্ৰহণ কৰিব পাৰিব । সেয়েহে এই নিয়ম অনুসৰি বিদ্যালয়ৰ পাঠদানৰ আগত অথবা পিছত আঞ্চলিক ভাষা অথা অতিৰিক্ত ভাষা শিকিবলৈ শিক্ষাৰ্থী সকল থাকিব লাগিব । যাৰ ফলত আঞ্চলিক ভাষা অথবা অতিৰিক্ত ভাষাৰ প্ৰয়োগ কমি আহিব। এই পদক্ষেপে অসমীয়া, খাছী,বঙলী, মনিপুৰী, মাৰাথী, গুজৰাটী, তামিল আদি আঞ্চলিক ভাষাবোৰক ধ্বংস কৰাৰ চক্ৰান্ত বুলি প্ৰকাশ কৰিছে ।

লগতে পৰমানন্দ ৰাজবংশীয়ে প্ৰকাশ কৰে এনে নিয়মক গৰিহণা দিয়াৰ লগতে কেন্দ্ৰীয় বিদ্যালয় সমূহত আঞ্চলিক ভাষা প্ৰয়োগৰ দাবী উত্থাপন কৰে । নহ'লে শিক্ষাৰ্থীক মাতৃভাষা শিকাৰ পৰা বঞ্চিত কৰাৰ বাবে গনতান্ত্ৰীক ব্যবস্থা গ্ৰহণ কৰা হব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com