আমেথিৰ পৰা মনোনয়ন পত্ৰ দাখিল ৰাহুল গান্ধীৰ

আমেথিৰ পৰা মনোনয়ন পত্ৰ দাখিল ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আমেথি লোকসভা নিৰ্বাচনৰ পৰা আজি মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰিয়ংকা গান্ধী আৰু তেওঁৰ স্বামী ৰবাৰ্ট ভাদ্ৰা উপস্থিত থাকে ।

বিশাল জনসমাগত মাজেৰে ফুলেৰে সজ্জিত ট্ৰাকেৰে গৈ মনোনয়ন পত্ৰ দাখিল কৰে ৰাহুল গান্ধীয়ে । ভাৰতৰ দুখীয়া লোকৰ বাবে এটা বছৰত ৭২০০০ টকাৰ NYAY আচনিৰ ল'গৰ টি-ছাৰ্টৰে প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে ।

ৰাহুল গান্ধীয়ে আমেথিৰ লগতে কেৰেলাৰ ৱায়ানাড় লোকসভা সমষ্টিৰ পৰাও নিৰ্বাচনত অবতীৰ্ণ হব । কেৰেলাত বৃহস্পতি বাৰে প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব । ৰাহুল গান্ধীৰ ৱায়ানাড় সমষ্টিৰ প্ৰাৰ্থী প্ৰাৰ্থীত্ব আগবঢ়োৱাত বিজেপি আৰু কমিউনিষ্ট পাৰ্টিয়ে তীব্ৰ সমালোচনা কৰিছিল ।

আমেথি লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীৰ প্ৰতিদন্দ্বি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানী ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com