আলোক কুমাৰ অসমৰ নতুন মুখ্য সচিব

আলোক কুমাৰ অসমৰ নতুন মুখ্য সচিব
Published on

অসম চৰকাৰে জ্যেষ্ঠ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আলোক কুমাৰৰ নাম নতুন মুখ্য সচিব হিচাপে ঘোষণা কৰিছে।১৯৮৪ বেটচৰ অসম-মেঘালয় কেডেটৰ বিষয়া জনে ৩১ আগষ্টৰ দিনা কাৰ্য্যভাৰ গ্ৰহণ কৰিব।সেইদিনাই বৰ্তমানৰ মুখ্য সচিব টি ৱাই দাসে অৱসৰ গ্ৰহণ কৰিব।১৯৮৪ বেটচৰ চনৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিব ভি পি প্যাৰেলালক নিযুক্তি দিয়া কথা আছিল যদিও অন্তিম সময়ত আলোক কুমাৰৰ নাম ঘোষণা কৰে।অসম চৰকাৰে প্যাৰেলালক বিত্ত আৰু সমাজ কল্যান বিভাগৰ মুখ্য সচিব পদৰ পৰা সামৰিক ভাবে সকাহ দিয়া হৈছে।ৰাজ্যৰ প্ৰশাসনৰ সৰ্বোচ্চ পদটোত অলংকৃত হোৱা বাবে আলোক কুমাৰক অসম চৰকাৰে আদৰনি জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com