আৰম্ভ হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আবেদনৰ শুনানি

আৰম্ভ হ’ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আবেদনৰ শুনানি

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ যিকোনো আপত্তিৰ আবেদনৰ শুনানি আৰম্ভ হৈছে সোমবাৰৰ পৰা ৷ ২০১৮ চনৰ ৩০ জুলাইত প্ৰকাশিত ৩.২৯ কোটি আবেদনকাৰীৰ ৪০.০৭ লাখ আবেদনকাৰীৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰাত প্ৰকাশিত হোৱা নাই। ৪০.০৭ লাখৰ ভিতৰত ৩৬.০২ আবেদনকাৰীৰ মাত্ৰ ২ লাখ লোকৰ নাম খচৰাত অন্তৰ্ভূক্ত কৰা হৈছে ৷ ২০১৯ চনৰ ১৫ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী আপত্তি প্ৰক্ৰিয়া হৈ আছে ৷

সোমবাৰৰ পৰা আৰম্ভ হোৱা আপত্তিৰ শুনানি দাবীতকৈ পৃথক। দাবী আপত্তিসমূহৰ শুনানি সম্পন্ন কৰি চুড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে সাজু হৈছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৰ্তৃপক্ষ ৷এক বিশেষ সূত্ৰৰ মত অনুসৰি,এন আৰ চিৰ শুনানিত কোনো আপত্তিকৰ্তাৰ অনুপস্থিতিৰ স্থিতিত সম্বন্ধিত বিষয়াসকলে শুনানিৰ দস্তাবেজক সম্পূৰ্ণৰূপে চোৱা চিতা কৰাৰ স্বাধীনতা লাভ কৰিব ।

অন্যহাতে ৮ মে’ত এনআৰচিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানি দিব ৷ ইফালে শীৰ্ষ আদালত এনআৰচিৰ আৰম্ভনিৰ পৰা বিশেষ দৃষ্টি ৰাখিছে। ৮ মে’ত শুনানিৰ সময়ত আপত্তিসমূহৰ সন্দৰ্ভত কিছু নীতি নিৰ্দেশনা জাৰি কৰিব পাৰে। উল্লেখ্য যে সম্পূৰ্ণ এনআৰচি প্ৰকাশিত হোৱাৰ পিছত বহু আবেদনকাৰীৰ নাম খচৰাত অন্তৰ্ভূক্ত ন’হল ৷ কিন্তু ৩৬.২ লোকে কৰা আবেদনকাৰী ভিতৰত ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com