উত্তৰ পূবক বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদান আৰু নাগৰিকত্ব সংশোধনি বিধেয়ক বাতিল কৰা হব: ৰাহুল গান্ধী

উত্তৰ পূবক বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদান  আৰু নাগৰিকত্ব সংশোধনি বিধেয়ক বাতিল কৰা হব: ৰাহুল গান্ধী

আজি গোলাঘাট জিলাৰ বোকাখাত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আৰ এচ এচ তীব্ৰ সমালোচনা কৰে ।

নাগৰিকত্ব সংশোধনি বিধেয়ক খনক নিৰ্বাচনী প্ৰচাৰৰ মুলমন্ত্ৰ হিচাপে লৈ কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে নাগপুৰ আৰু আৰ এচ এচে অসমক আক্ৰমণ কৰিছে। অসমৰ ভাষা, সংস্কৃতি, আৰু ইতিহাস আৰ এচ এচে আক্ৰমণ কৰিছে বুলি প্ৰকাশ কৰে।

লগতে কংগ্ৰেছে নাগৰিকত্ব সংশোধনি বিধেয়ক খন গৃহীত হবলৈ নিদিয়ে বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

উত্তৰ পূবক বিশেষ ৰাজ্যৰ মৰ্য্যদা দিছিল কংগ্ৰেছে কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে সেই মৰ্য্যদা কৰ্তন কৰিলে। লগতে প্ৰকাশ কৰে যে কংগ্ৰেছে উত্তৰ পুবত বহুতো বৃহৎ উদ্যোগ স্থাপনৰ কথা চিন্তা কৰিছিল । কংগ্ৰেছ ক্ষমতালৈ আহিলে তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ বাবে উদ্যোগীক নীতিৰ লগতে কমিচনৰ নতুন পৰিকল্পনা কৰিব বুলি প্ৰকাশ কৰে ।

বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনি বিধেয়ক খন উত্থাপন কৰিছিল কিন্তু বিৰোধিয়ে এই বিল খন প্ৰনয়ন হোৱাত বাধা প্ৰদান কৰিছিল বুলি প্ৰকাশ কৰে ।"আমি কেতিয়াও নাগৰিকত্ব সংশোধনি বিধেয়ক খন গৃহীত হবলৈ নিদিওঁ আৰু আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিম " বুলি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে ।

আগন্তুক লোকসভা নিৰ্বাচনত দুটা পৃথক আদৰ্শৰ মাজত যুঁজ হব বুলি প্ৰকাশ কৰে । এফালে নৰেন্দ্ৰ মোদী , আৰ এচ এচ আৰু বিজেপি। তেওঁলোকে দেশ খনক বিভাজন কৰিব বিচাৰিছে ।আনহাতে কংগ্ৰেছ| কংগ্ৰেছে , ভাতৃত্ববোধ আৰু প্ৰেমৰ মাজৰে দেশক এক গোট কৰি ৰাখিব বুলি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে ।

কলিয়াবৰৰ প্ৰাৰ্থী গৌৰব গগৈৰ হৈ প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে ।গান্ধী। বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বিশাল ৰাজহুৱা নিৰ্বাচনী সভা আয়োজন কৰি ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১৪টা বিধানসভা সমষ্টিৰ পৰা ১৬ ৰ পৰা ২০ হাজাৰ লোক সমাগম ঘটে সভাখনত। লোকসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰিলে ৰাহুল গান্ধী প্ৰধান মন্ত্ৰী হব আৰু ভাৰতৰ ২০ শতাংশ দৰিদ্ৰ লোকক বচৰি ৭২ হাজাৰ টকাকৈ অনুদান আগবঢাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। সভাত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ৰকিবুল হুছেইন,দেৱব্ৰত শইকীয়া, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, অজন্তা নেওগ, বিস্মৃতা গগৈ, ৰেকিবুদ্দীন আহমেদ আৰু অৰুণ ফুকন। সভা আৰম্ভৰ প্ৰাক ক্ষণত প্ৰাৰ্থী গৌৰৱ গগৈয়ে বোকাখাতৰ বিভিন্ন স্থানত সমৰ্থক সহ বাইক ৰেলিৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com