
শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে প্ৰকাশ কৰে যে উৰিষ্যাৰ উন্নয়নৰ সম্ভৱ, যদিহে উৰিষ্যাৰ পৰা অযোগ্য আৰু দুৰ্নীতি গ্ৰস্থ চৰকাৰ বিজেডিক ওফৰাই দিয়া হয়।
ময়ুৰভাঞ্জ লোকসভা সমষ্টিত এক ৰেলীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে । লগতে অমিত শ্বাহে প্ৰকাশ কৰে যে সমগ্ৰ দেশৰ জনতাই নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে।
২৬১ লোকসভা সমষ্টিত অমিত শ্বাহে নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিছে বুলি প্ৰকাশ কৰে । উত্তৰৰ পৰা দক্ষিণলৈ আৰু পুবৰ পৰা পশ্চিমলৈ সকলোৰে মুখত কেৱল মোদীৰ নাম । সেয়েহে দেশবাসীয়ে পুনৰ বাৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীকে বিচাৰে বুলি প্ৰকাশ কৰে অমিত শ্বাহে।
ৰাজ্যৰ উন্নয়নৰ বাবে উৰিষ্যাৰ জনসাধাৰণে বিজেপিক ভোট দিব । কেন্দ্ৰটো বিজেপিয়ে জয় হোৱাৰ লগতে ৰাজ্যৰ উন্নয়নৰ বাবে বিজেপিকে ভোট দিব জনসাধাৰণে বুলি প্ৰকাশ কৰে ।
অমিত শ্বাহে লগতে কংগ্ৰেছক সমালোচনা কৰে। কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ খনে পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত ব্যবস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছিল বুলি প্ৰকাশ কৰে ।
ৰাজ্যখনত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হব । চতুৰ্থ পৰ্যায় নিৰ্বাচন অৰ্থাৎ ২৯ এপ্ৰিলত অনুষ্ঠিত হব নিৰ্বাচন।
অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি