এইচ পি চি কাগজ কল কৰ্মীসকলৰ আজি ১২ ঘণ্টীয়া বৰাক বন্ধ ঘোষনা

এইচ পি চি কাগজ কল কৰ্মীসকলৰ আজি ১২ ঘণ্টীয়া বৰাক বন্ধ ঘোষনা
Published on

এইচ পি চি কাগজ কল পুনৰুজ্জীৱন কাৰ্য্যকৰণ সমিটি (HPCPMRAC)য়ে আজি নিজৰ দাবী সমূহ পুৰণ কৰি সীঘ্ৰে অসমৰ

কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীৰে আজি ১২ ঘণ্টীয়া বৰাক বন্ধ ঘোষনা কৰে। এখন সংবাদ মেল সম্বোধন কৰি সমিতিৰ মুখ্য

আহ্বায়ক মানাবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰেই পূৰ্বতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল

কিন্তু এই প্ৰতিশ্ৰুতি বন্যাৰ পিছতো কাগজ কল দুটাৰ পুনৰ নিৰ্মাণৰ নামত কোনো আন্ত:গাঠনি গঢ়ি উঠা দেখা নগল বুলি উল্লেখ

কৰে।চৰকাৰৰ কাগজ কল দুটা পুনৰুজ্জীৱনৰ বাবে কোনো ধৰণৰ সৎভাব নাই বুলিও আহ্বায়ক গৰাকীয়ে কয়। কাগজ কলত কাম কৰা

শ্ৰমিক সকলৰ দুখ-দুৰ্দশাময় জীৱনৰ কথা বৰ্ণনা কৰি চক্ৰৱৰ্তীয়ে বন্ধ ঘোষনাৰ বাহিৰে আন কোনো বিকল্প নাই বুলি দোহাৰে। নগাওঁ আৰু

পাঞ্চগ্ৰামত থকা কল দুটাৰ ভবিষ্যতৰ বাবে সকলো জনসাধাৰণক এই বন্ধ সফল কৰাৰ বাবে আহ্বান জনাই।

নমামি বৰাকৰ সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কাগজ কলৰ সমস্যাক নিজৰ সমস্যা হিচাপে অভিহিত কৰি অনতিপলমে ইয়াক সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে কিন্তু এবছৰ উকলি যোৱাৰ পিছতো শেই প্ৰতিশ্ৰুতি কেৱল মাত্ৰ প্ৰতিশ্ৰুতিয়ে হৈ ৰয়। বন্ধৰ সময়ত শিলচৰ, কৰিমগঞ্জ,হাইলাকাণ্ডি আদি ঠাইত প্ৰতিবাদী ৰেলী উলিওৱা হব বুলি সমিতিয়ে সাংবাদিকক জানিবলৈ দিয়ে। কাগজ কলৰ কৰ্মী সকলৰ বন্ধৰ প্ৰতি কংগ্ৰেছ, জমিয়ত,এচ

ইউ চি আই আদিয়ে নিজৰ সমৰ্থন জনাইছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com