৩১ জুলাইত প্ৰকাশ পাব চুড়ান্ত এন আৰ চি: উচ্চতম ন্যায়ালয়

৩১ জুলাইত প্ৰকাশ পাব চুড়ান্ত এন আৰ চি: উচ্চতম ন্যায়ালয়
Published on

উচ্চতম ন্যায়ালয়ত বুধবাৰে এন আৰ চিৰ ওপৰত গুৰুত্বপূৰ্ণ শুনানি। মুখ্য ন্যায়াধীষ ৰঞ্জন গগৈৰ বিচাৰপীঠত বুধবাৰে শুনানি গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ে বুধবাৰে বাহাল ৰাখিলে ৩১ জুলাইত চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন।ৰাজ্য চৰকাৰে এন আৰ চি চুড়ান্ত খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি কৰাৰ বাবে আবেদন কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ে ৩১ জুলাইত চুড়ান্ত খচৰা প্ৰকাশ কৰাৰ নিৰ্দেশ দিছে ।

চূড়ান্ত খচৰা অগ্ৰগতিৰ সম্পৰ্কত এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা এন আৰ চিৰ অগ্ৰগতিৰ বুজ ল'লে ন্যায়ালয়ে। প্ৰয়োজন সাপেক্ষে লোকসভা নিৰ্বাচনত নিয়োজিত কৰ্মচাৰী সকলক নিৰ্বাচনৰ পিছত পুনৰ এন আৰ চিৰ কামত নিয়োগ কৰিব পাৰিব এন আৰ চি কৰ্তৃপক্ষই ।

উচ্চতম ন্যায়ালয়ে সময়সীমাৰ ভিতৰত নাগৰিকত্ব সংশোধনি বিধেয়কৰ খন নজৰত ৰাখি কাম ক্ষিপ্ৰ গতিৰে আগুৱাবলৈ নিৰ্দেশ দিছে ।

প্ৰতিক হাজেলাই বুধবাৰে নাগৰিকত্ব সংশোধনি বিধেয়কৰ অগ্ৰগতিৰ তথ্য এপেক্স কোৰ্টত দাখিল কৰে । দাখিল কৰা তথ্যৰ ভিত্তিত কোৰ্টে NRC চুড়ান্ত তাৰিখ ৩১ জুলাইয়ে বাহাল ৰাখে ।

লগতে কোৰ্টে প্ৰতিক হাজেলাক ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰু নাগৰিকত্ব সংশোধনি বিধেয়কৰ অগ্ৰগতিৰ কাম সুচাৰুৰূপে আগবঢ়াই নিবলৈ নিৰ্দেশ দিছে । দুয়োটা দিশে ৰাজ্য খনত সুচাৰুৰূপে পৰিচালনা হব লাগে। দুয়োটা দিশৰ কাম পৰিচালনা কৰিবলৈ যি কৌশলৰ প্ৰয়োজন, সেই কৌশল আয়ত্ব কৰিবলৈ আহ্বান জনাইছে ।

আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যয়ে জনাই যে " আমি ন্যায়ালয়ৰ আদেশত সুখী । এপেক্স কোৰ্টৰ তত্বাৱধানত আজি ৩১ জুলাই ২০১৯ ত এখন বাংলাদেশী মুক্ত অসম পাম "।

NRC ৰ সন্দৰ্ভত আছুয়ে ন্যায়ালয়ত আবেদন কৰিছিল। পৰৱৰ্তি শুনানি ১০ এপ্ৰিল হব বুলি প্ৰকাশ কৰে|

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com