এন আৰ চি প্ৰকাশ পোৱা তাৰিখৰ ওপৰত প্ৰশ্ন

এন আৰ চি প্ৰকাশ পোৱা তাৰিখৰ ওপৰত প্ৰশ্ন
Published on: 

এন আৰ চিৰ উন্নীতকৰণৰ কাম ৫ দিন আগলৈকে ক্ষীপ্ৰতাৰে চলি থকাৰ পিছত এতিয়া ৰাজ্যজুৰি হোৱা বানপানীৰ ফলত হঠাতে লেহেমীয়া হৈ পৰিছে, বিশেষকৈ বৰাক উপত্যকাত। ইয়াৰ ফলত ৩০ জুনত এন আৰ চিৰ খচৰা সম্পূৰ্ণ হোৱাৰ ওপৰত প্ৰশ্নৰ সৃষ্টি হৈছে। এন আৰ চিৰ কাম সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে বৰাক উপত্যকাত য'ত প্ৰায় ৯০ টা এন আৰ চি সেৱা কেন্দ্ৰ বানপানীৰ কবলত পৰিছে। কিছুমান সেৱা কেন্দ্ৰ বেলেগ ঠাইলৈ লৈ যোৱা হৈছে। জুন মাহতো এন আৰ চিৰ উন্নীতকৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ, ৩০ জুন ওচৰ চাপি অহাৰ লগে লগে প্ৰতি দিনেই এই কামবোৰে ক্ষীপ্ৰতা লাভ কৰিছে। কিন্তু যোৱা কেইদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত ৰাজ্যত যি বানপানীৰ সৃষ্টি হৈছে তাৰফলত বিশেষকৈ বৰাক উপত্যকাত এই কামবোৰ স্থৱিৰ হৈ পৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com