শীৰ্ষ বাতৰি
এন আৰ চিক লৈ তৎপৰতা আৰক্ষী প্ৰশাসন
এন আৰ চি প্ৰকাশৰ বাবে মাজত মাথো দুটা দিন।অহা ৩০ জুলাইত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকৰ দ্বিতীয় খন তথা সম্পূৰ্ণ খচৰাক লৈ তৎপৰতা আৰক্ষী–প্ৰশাসনৰ। জিলা প্ৰশাসনৰ পিছত আৰক্ষীয়েও মুকলি কৰিলে নিয়ন্ত্ৰণ কক্ষ৷ জিলাখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত নিয়ন্ত্ৰণ কক্ষৰ ৭০৮৬৯৯–৩৮৮৮ আৰু আৰক্ষী যুটীয়া নিয়ন্ত্ৰণ কক্ষৰ ৭০০২৯–৮৭৯১০ নম্বৰত জিলাবাসীয়ে জনাব পাৰিব অভিযোগ৷আৰক্ষী অধীক্ষক পৃথিপাল সিঙে এই তথ্য সদৰী কৰে।

