এনআৰচি প্ৰকাশৰ অতি সচ্চ ভাৱে কৰা হৈছে : ৰাজনাথ সিং

এনআৰচি প্ৰকাশৰ অতি সচ্চ ভাৱে কৰা হৈছে : ৰাজনাথ সিং

কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ৰাজ্যসভাৰ মজিয়াত স্পষ্ট কৰি কয় যে এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহয়। উচ্চতম ন্যায়ালয়ৰ নেতৃত্বত এন আৰ চিৰ প্ৰক্ৰিয়া অতি নিকাভাৱে সম্পন্ন কৰা হৈছে। এন আৰ চিৰ চূড়ান্ত খচৰাত যিসকলৰ নাম অহা নাই তেওঁলোকে পুনৰ আৱেদন আৰু দাবী জনোৱাৰ সুযোগ লাভ কৰিব।যিসকলে সঠিক প্ৰমান পত্ৰ দিব পাৰিব তেওঁলোকৰ নাম এনআৰচিত অন্তৰ্ভূক্ত হব।

৩ কোটি ২৯ লাখ লোকৰ আবেদনৰ ভিতৰত ২,৮৯,৮৩,৬৭৭ জন লোকৰ নাম সন্নিবিষ্ট হোৱাৰ বিপৰীতে ৪০,০৭,৭০৮ জনৰ নাম বাদ পৰিছিল। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ১৯৮৫ বৰ্ষত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ কাৰ্যকালত অসম চুক্তিৰ আধাৰত এনআৰচিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু ২০০৫ বৰ্ষত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালৰ সময়ত এনআৰচি উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com