এনআৰচিৰ পৰা বাদ পৰিব ঘোষিত বিদেশী, ডি-ভোটাৰ আৰু তেওঁলোকৰ পৰিয়াল

এনআৰচিৰ পৰা বাদ পৰিব ঘোষিত বিদেশী, ডি-ভোটাৰ আৰু তেওঁলোকৰ পৰিয়াল
Published on

গুৱাহাটী উচ্চ ন্যায়ালয়ে আকৌ এবাৰ মোহৰ লগোৱাৰ পিছত এনআৰচি প্ৰকাশ পোৱাৰ আগতে এই কথা চৰকাৰীভাৱে স্পষ্ট হৈ পৰিছে যে বিদেশী ঘোষিত মানুহৰ নাম, ডি ভোটাৰ, তেওঁলোকৰ ভাতৃ ভগ্নী আৰু পৰিয়ালৰ আন আন সদস্যসকলৰ নাম আগন্তুক সময়ত প্ৰকাশ পাবলগীয়া এনআৰচিত অন্তৰ্ভূক্ত নহ'ব। আগতে ৰাজ্যিক এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই এই বছৰৰ ২ মে'ত এখন জাননীৰ জৰিয়তে সকলো উপায়ুক্তকে বিদেশী ঘোষিত মানুহৰ নাম, ডি ভোটাৰ, তেওঁলোকৰ বিদেশী ঘোষিত মানুহৰ নাম, ডি ভোটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ নাম বৰ্তমান উন্নীতকৰণৰ কাম চলি থকা এনআৰচিত অন্তৰ্ভূক্ত নকৰিবলৈ নিৰ্দেশ দিছিল। কিন্ত আজ্জুল হক নামৰ ব্যক্তি জনে এই জাননীখনৰ বিৰোধিতা কৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল যিয়ে হাজেলাৰ জাননীখন উন্নীত কৰি এটা নতুন টোকা জাৰি কৰে। এই নোটটোৱে বিদেশী ঘোষিত মানুহৰ নাম, ডি ভোটাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ নাম এনআৰচিত অন্তৰ্ভূক্তিৰ দুৱাৰ সদায়ৰ কাৰণে বন্ধ কৰে। মে' ২ ত দিয়া এই জাননীখনত ৰাজ্যিক এনআৰচিৰ সমন্বয়কগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ পূৰ্ৱৰ এটা ন্যায়াদেশৰ লগতে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ এখন চিঠিৰ কথা উল্লেখ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com