ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাক সেনাক সকলো জৰুৰী পৰিষ্ঠিতিৰ বাবে সাজু থাকিবলৈ আহ্বান

ভাৰতৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাক সেনাক সকলো জৰুৰী পৰিষ্ঠিতিৰ বাবে সাজু থাকিবলৈ আহ্বান

ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সংগঠনৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিক্ৰিয়া । ষ্ট্ৰাইকাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে পাকিস্তানী সেনাবাহিনীক সকলো জৰুৰী পৰিষ্ঠিতিৰ বাবে সাজু থাকিবলৈ কৈছে । ভয়ংকৰ আক্ৰমণৰ পিছতে আহ্বান জৰুৰী বৈঠকৰ।ভাৰতীয় সেনাই সীমা ৰেখা অতিক্ৰম কৰি পাক অধিকৃত কাশ্মীৰৰ মোজাফাৰাবাদ ৩-৪ মাইল অতিক্ৰম কৰি আক্ৰমণ কৰে । পাকিস্তান সেনাৰ মেজৰ জেনেৰেল আছিফ গফুৰে টুইটাৰত এই মন্তব্য কৰে|

ভাৰতীয় বায়ু সেনা বাহিনীয়ে বালাকোট অঞ্চলত পুৱা ৩-৩০ বজাৰ পৰা অভিযান চলাই । এই আক্ৰমণত প্ৰায় ৩ শতাধিক সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে । এই আক্ৰমণ ঘটনাৰ পাছতে পাকিস্তানে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ লগত জৰুৰী বৈঠকত মিলিত হয় । পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী কয় যে ভাৰতে এয়াৰ ষ্ট্ৰাইক পাক অধিকৃত কাশ্মীৰৰ ৪-৫ কিলোমিটাৰ অতিক্ৰম কৰি আক্ৰমণ কৰে । কিন্তু এই ঘটনাৰ তৎক্ষনাত পাক সেনা অবগত হয়। কাৰণ পাক সেনা সদায় সাজু । পাক সেনাক দুৰ্বল বুলি ভাবিব নালাগে । আক্ৰমণত হোৱা অঞ্চলত একো নাছিল বুলি প্ৰকাশ কৰে । পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে আক্ৰমণৰ পাছতে বিভিন্ন জনৰ লগত পৃথকে পৃথকে আলোচনাত মিলিত হৈছে । পাকিস্তানে ভাৰতক সঠিক সময়ত প্ৰত্যুত্তৰ দিব বুলি প্ৰকাশ কৰে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ।

পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ ভাৰতৰ। ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত কাণ্ডৰ ১২ দিনৰ পাছতে ভাৰতৰ ছাৰ্জিকেল ষ্ট্ৰাইক পাক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত । পাক অধিকৃত কাশ্মীৰৰ বালাকোটত বৃহৎ বিস্ফোৰণ| মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ বায়ুসেনাৰ। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ। ভাৰতীয় বায়ু সেনাই গোৱালিয় বিমান কোঠৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল । প্ৰায় ২০০ৰ পৰা ৩০০ সন্ত্ৰাসবাদী নিহত। পাক অধিকৃত কাশ্মীৰত জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ। বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানৰ LoC অতিক্ৰম। জইছ ঈ মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস এই আক্ৰমণত।২১ মিনিট ধৰি সন্ত্ৰাসবাদীৰ ঘাটিত একেৰাহে আক্ৰমণ ভাৰতীয় বায়ুসেনাৰ। চকোটি আৰু মুজফ্ফৰবাদতো আক্ৰমণ বায়ুসেনাৰ।

পাক অধিকৃত কাশ্মীৰত ভাৰতৰ এইটো দ্বিতীয় ছাৰ্জিকেল ষ্ট্ৰাইক । প্ৰথমটো ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল পাঠানকোঠ , উৰিৰ আক্ৰমণৰ পাছত । দ্বিতীয়টো অৰ্থাৎ পুলোৱামা কাণ্ডৰ পাছত আজি পুৱতি নিশা সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰে ।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালে অভিযানৰ কথা জনাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সীমান্তৰ সকলো নিৰাপত্তাৰক্ষীক সতৰ্ক কৰা হৈছে। কূটাঘাতৰ আশংকাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে সীমান্তত।গুজৰাটত চৰকাৰে হাই এলাৰ্ট জাৰি । পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনৰ জেইছ ই-মহম্মদৰ ঘাটিত ছাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পাছতে গুজৰাটত হাই এলাৰ্ট জাৰি কৰিছে প্ৰশাসনে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com