কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিক্ৰিয়া
Published on

কংগ্ৰেছ আৰু অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰ’ন্টৰ মাজত হোৱা মিত্ৰতাই ভাৰতীয় জনতা পাৰ্টিক (BJP) ৰাজনেতিক ভাৱে লাভাম্বিত কৰিব । এআইইউডিএফে কেৱল তিনিখন লোকসভাৰ আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্তৰ পিছতেই এই প্ৰতিক্ৰিয়া ভাৰতীয় জনতা পাৰ্টিৰ ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এআইইউডিএফে সাতখন লোকসভা আসনত প্ৰতিদ্বন্দিতা কৰিছিল।

অৱশ্যে চলিত বৰ্ষত এআইইউডিএফে কেৱল ধুবুৰী,বৰপেটা আৰু কৰীমগঞ্জত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব আৰু উত্তৰ পূবৰ প্ৰভাৰী ৰাম মাধৱে দাবী কৰিছিল যে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হোৱা মিত্ৰতা সম্পূৰ্ণভাৱে বিজেপিক পৰাজয় কৰিবৰ কাৰণে তৈয়াৰ কৰা হৈছে।

এআইইউডিএফৰ কেৱল তিনিখন লোকসভাৰ আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ প্ৰবক্তা মোমিনুল অৱালে কয় যে বিজেপি দল কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত থকা বুজাবুজিৰ কাৰণে পূৰ্বৰ পৰাই সচেতন আছিল ৷ আমি আৰম্ভনি পৰা দাবী কৰি আছিলো যে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বুজাবুজি আছে ৷ আৰু এআইইউডিএফৰ সাম্প্ৰতিক পদক্ষেপৰ পৰা দুয়োটা দল যে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি সেয়া প্ৰমাণিত হ’ল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com