কাৰ্বি আংলঙত তিনি দিনীয়া শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কলেজ শিক্ষকৰ

কাৰ্বি আংলঙত তিনি দিনীয়া শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কলেজ শিক্ষকৰ
Published on

শিক্ষা-দীক্ষা ব্যৱস্থাকে আদি কৰি সকলো দিশটো অতিকৈ পিছপৰা জিলা হিচাপে পৰিচিত কাৰ্বি আংলং জিলাৰ প্ৰতি শিক্ষা উন্নয়নৰ বাবে এতিয়াও যেন গুৰুত্ব নাই চৰকাৰৰ। আনহে নালাগে খোদ স্বায়ত্ব শাসিত পৰিষদ চৰকাৰেও শিক্ষা দিশ উনায়নৰ প্ৰতি গুৰুত্ব দিয়া নাই। তাৰে পৰিণতিতে জিলাখনৰ ৭ খনকৈ কলেজ আজিলৈকে প্ৰদেশীকৰণ পৰা বঞ্চিত হৈ আছে। উল্লেখ যে ক্ৰমে কঁপিলী মহাবিদ্যালয়, চেমচন সিং ইংতি মহাবিদ্যালয় বৈঠলাংছ, ৱাইচং মহাবিদ্যালয় হামৰেন, বোকাজান মহাবিদ্যালয়, হাৰলংবি বিলংবি মহাবিদ্যালয় দেইথোৰ, ডিফু গাৰ্লছ কলেজ আৰু হাওৰাঘাট মহাবিদ্যালয় শিক্ষক সকলে মহাবিদ্যালয় কেইখন প্ৰদেশীকৰণ বিচাৰি তিনিদিন কৰ্ম বিৰতি তথা শ্ৰেণী বৰ্জন কৰিছে। পশ্চিম কাৰ্বি আংলংত অৱস্থিত কঁপিলী মহাবিদ্যালয়টো শিক্ষক সকলে কৰ্ম বিৰতি পালন কৰিছে। ৰাজ্যিক চৰকাৰ কিম্বা পৰিষদ চৰকাৰে কোনো সঁহাৰি নিদিলে অ নিৰ্দিষ্ট কাললৈ শ্ৰেণী তথা পাঠ দান বৰ্জন কৰিব বুলি হুংকাৰ দিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com