কিছুমান মানুহে দিল্লীক লণ্ডন অথবা পেৰিছ হিছাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়েঃ গৌতম গম্ভীৰ

কিছুমান মানুহে দিল্লীক লণ্ডন অথবা পেৰিছ হিছাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়েঃ গৌতম গম্ভীৰ
Published on

ক্ৰিকেটাৰৰ পৰা ৰাজনৈতিক নেতা হোৱা গৌতম গম্ভীৰৰ মন্তব্য যে কিছুমান মানুহে দিল্লীক লণ্ডন অথবা পেৰিছ হিছাপে নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ কিন্তু আমাৰ প্ৰাথমিকতা এয়ে যে আমি দিল্লীক ভাল পানী আৰু স্বাস্থ্যকৰ জলবায়ুৰ লগতে বসবাস কৰিবলৈ সুস্বাস্থ্যকৰ পৰিবেশ গঢ়ি তুলিব লাগিব ৷ লগতে দিল্লীত বসবাস কৰিবলৈ বাসগৃহ গৃহ নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে ক্ৰিকেটাৰ তথা ৰাজনৈতিক নেতা গৌতম গম্ভীৰে।

ৰাজনীতি আৰু ক্ৰিকেটৰ লগত সাদৃশ্য বিচাৰ কৰি গৌতম গম্ভীৰে কয় যে ৰাজনীতি, ক্ৰিকেটৰ দৰেই ৷ য’ত ভাল খেল প্ৰদৰ্শন কৰিবলৈ দলৰ আবেগ ভাৱনা বুজি পোৱা নিত্যান্তই প্ৰয়োজনীয় । ভাৰতীয় জনতা পাৰ্টিৰ পূব দিল্লীৰ সংসদীয় আসনৰ পৰা সাংসদ মহেশ গিৰিৰ ঠাইত গৌতম গম্ভীৰে প্ৰতিদ্বন্দিতা কৰিছে। সোমবাৰে গৌতম গম্ভীৰে মনোনয়ন পত্ৰ দাখিল কৰে।

কংগ্ৰেছৰ নেতা অৰৱিন্দৰ লভলী আৰু আম আদমী পাৰ্টিৰ নেতা আটিছি মাৰ্লেনাৰ বিৰুদ্ধে গৌতম গম্ভীৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ২০১৪ চনত বিজেপিয়ে সাতখন আসনত জয় লাভ কৰিছিল ৷ বিজেপিয়ে উত্তৰ পূৰ্ব দিল্লীৰ পৰা দিল্লী পাৰ্টি ইউনিটৰ মনোজ তিৱাৰী,নতুন দিল্লীৰ পৰা মিনাক্ষী লেখী,দক্ষিন দিল্লীৰ পৰা ৰমেশ বিধুৰী,পশ্চিম দিল্লীৰ পৰা প্ৰাভেশ সিঙ বৰ্মা আৰু চান্দনী চ’কৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্ধনে প্ৰতিদ্বন্দিতা কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com